কৰিলে আৰু তলৰ জাতৰ মানুহৰ শিক্ষা-দীক্ষা বন্ধ কৰি
তেওঁলোকৰ প্ৰভুত্ব একচেটীয়া কৰিলে। আন ফালে বিদেশী
বলী শত্ৰুৰ হাতৰ পৰা ছোৱালী-হঁতক ৰক্ষা কৰিবলৈ কেচুৱাতে
সিহঁতক বিয়া দিয়াৰ ব্যৱস্থা কৰিলে। সময়ৰ সোঁতত ঘাই নীতি-
নিয়মৰ ওপৰত আপদৰ অযুগুতৰূপে তৰা এই মকৰাজালবোৰেই
প্ৰধান হৈ জিলিকি উঠিল আৰু তাৰ ফলত নিম্নশ্ৰেণীৰ মানুহ
পশুৰ শাৰীত আৰু তিৰুতাবিলাক পুৰুষৰ এক প্ৰকাৰ ভোগৰ
সামগ্ৰী হৈ শয্যা-সঙ্গিনী আৰু দাসী ৰূপে গণ্য হ’ল। আজি
নীচ জাতৰ মানুহ—লাগে বৃহস্পতিৰ দৰে পণ্ডিত আৰু যুধিষ্ঠিৰৰ
দৰে ধাৰ্ম্মিকেই হওক উচ্চ জাতৰ মানুহৰ ঘৰত সোমালে
চৰু পেলনি যায়; ৰমণীসকলে কৃপণৰ ধনৰ দৰে গাপ লাগি
আজি কঙ্কালাবশিষ্ট। কিন্তু বৰ্তমান সমদৰ্শী ৰজাৰ শাসনৰ
তলত আকৌ ব্যক্তিগত স্বাধীনতাৰ দিন আহিছে, আকৌ পূৰ্ব্ব-
গৌৰব লাভ কৰিবৰ দিন ওচৰ চাপিছে। মোৰ এইবোৰ কথা
কেতিয়াবা কেতিয়াবা দুই এজন লগৰীয়াক কৈছিলোঁ; কিন্তু
চলিত প্ৰথা ঘৃণনীয় বুলি স্বীকাৰ কৰিও সমাজৰ ভয়ত তেওঁলোক
প্ৰকাশ্যভাবে তাৰ বিপক্ষে থিয় দিবলৈ অসম্মত হয়। গতিকে,
ইমান দিন মোৰ ভাব চিন্তা কল্পনা আৰু স্বপ্নৰ কাহিনী হৈয়েই
থাকিল। আজি প্ৰতিমাত মোৰ আদৰ্শৰ আভাস দেখিবলৈ
পালোঁ; মোৰ হিয়া আনন্দত নাচি উঠিল। মনে মনে ভাবিলোঁ
মোৰ যদি প্ৰতিমাৰ দৰে কোনোৱা বন্ধু থাকিলহেঁতেন।
পৃষ্ঠা:সাতসৰী.djvu/৩০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
সাতসৰী।