নোহোৱা হলে আপুনি চোৰ হব নোৱাৰিলেহেঁতেন। ৰঘুৱে আচৰিত হৈ কলে:—“তুমি আকৌ গভাইত হ’লা কেনেকৈ?”
যমুনা।—আপোনাৰ টকাৰ আৱশ্যক বুজি সেই টকা ময়েই চন্দুকৰ পৰা উলিয়াই আপুনি সোমোৱাৰ আগে আগে আনি তাত থৈছিলোঁ। পিচ দিনা যে সুযোগ নেৰিবলৈ কৈছিলোঁ, আপুনি জানো পাহৰিলে?
“তুমি দেবী, তোমাৰ লগত থাকি মোৰো দেৱত্ব লাভ হব”, ⸺এই বুলি ৰঘুৱে সাদৰেৰে যমুনাক বুকত সুমুৱাই লৈ দুয়ো গালত চুমা দিলে।
সধবা নে বিধবা নে কুমাৰী।
প্ৰতিমা সৰুতে কেনে আছিল ক’ব নোৱাৰোঁঁ। কাৰ লগত উমলিছিল, ক’ত লেখা-পঢ়া শিকিছিল, কাক ভাল পাইছিল, তাৰো একো খবৰ পোৱা নাই। আদৰ-মালতীৰ দৰে ছুলেই জঁয় পৰা আছিল, নে গোলাপ কলিটিৰ দৰে সদায় হাঁঁহিমুৱা আছিল, তাকো কোনেও কোৱা নাই। এইবোৰ বিষয়ে মোৰ জানিবৰ উপায়ো নাছিল; কাৰণ প্ৰতিমাৰ লগত মোৰ চিনাকি নিচেই অলপদিনীয়া। যেতিয়া প্ৰতিমাক প্ৰথম দেখা পাওঁ, তেতিয়া দেখিছিলোঁ—তেওঁৰ মুখত মধুৰ হাহি গালত গোলাপী আভা, দেহত উচ্ছসিত যৌৱন;