কৰিলে; অতি সুশৃঙ্খল ভাবে কাম চলিবলৈ ধৰিলে। দুবছৰৰ
মূৰত ৰঘুৱে দেখিলে যে, তেওঁ এহেজাৰ টকাৰ গৰাকী। তেওঁ
টকাখিনি উলিয়াই আনি নন্দেশ্বৰৰ মোনাটোত আঠ শ ভৰালে।
তাৰ পিচত কাগজ এডোখৰত লিখিলে,—“এদিন ঠিক এই
ঠাইৰে পৰা ঈশ্বৰক সাক্ষী ৰাখি মই ছশ টকা ধাৰ কৰিছিলোঁ,
আজি বাঢ়িযে সৈতে তাক পৰিশোধ কৰিলোঁ। আশা কৰোঁ,
ধনৰ গৰাকীযে মোৰ এই ধৃষ্টতা মাজ্জনা কৰিব।” লিখা হ'লত
কাগজখনো মোনাতে ভৰালে! ঠিক আগৰ বাৰৰ সমান পৰতে
হাতত মোনাটো লৈ নন্দেশ্বৰৰ ঘৰলৈ খোজ ললে; কিন্তু খোজে
খোজে তেওঁৰ হিয়া কঁপিবলৈ ধৰিলে। লাহে লাহে ৰঘু গৈ
নন্দেশ্বৰৰ ঘৰ পালে, চাৰিওফাললৈ চাই-চিন্তি চৰা ঘৰলৈ সোমাই
গ'ল, ধীৰে ধীৰে ধনৰ মোনাটো যথাস্থানত স্থাপন কৰিলে।
তাৰ পাচত তেওঁ লাহে লাহে তাৰ পৰা ওলাই আহিল। পদূলি
মুখতে নন্দেশ্বৰৰ লগত ৰঘুৰ সাক্ষাৎ হ'ল; তেওঁৰ গোটেই গাটো
বতাহত কলগছ কঁপা দি কঁপি উঠিল; মূৰ ওপৰলৈ তুলিব নোৱৰা
হ’ল। নন্দেশ্বৰে মাত লগালে : —“কোন, ৰঘু নে?”
সেপ ঢুকি ৰঘুৱে উত্তৰ দিলে,-“হয়।”
ৰঘুৰ অৱস্থা দেখি নন্দেশ্বৰৰ মনত নানা প্ৰকাৰ সন্দেহ উপস্থিত হ'ল। ভাবিলে,—“নিশ্চয় ৰঘু কিবা এটা অসৎ উদ্দেশ্যেৰে তেওঁৰ ঘৰলৈ আহিছিল! অলপ পিচত তেওঁ আকৌ কলে,—“ যোৱা কলৈ? আহাঁ, অলপমান কথা বতৰাকে পাতোঁচোন।”