সম্মুখত উপস্থিত হ’ল,—তাৰ সংখ্যা নাই। ক'ত সেই বাল্যকাল,
যমুনাৰ লগত নিৰ্দ্দোষ ধেমালি! ক’ত এই দুখময় সাংসাৰিক
জীৱন,—ঘৃণিত চৌৰ্য্যবৃত্তি! ক'ত সেই স্নেহময়ী জননীৰ স্বৰ্গীয়
কোলা, জনকৰ স্নেহৰ চুম্বন, আৰু ক'ত এই সংসাৰৰ যন্ত্ৰণাময়
কাৰাগাৰ,—পাপৰ আলিঙ্গন। ভাবোতে ভাবোতে মূৰ ঘূৰি
গ'ল, তথাপি ভাবনাৰ অন্ত নপৰিল। এবাৰ ৰঘুৱে ভাবিলে,
—“মই কি কৰিলোঁ? কিয় এক মুহুৰ্ত্ততে মোৰ মান-সম্ভ্ৰম,
আত্ম-গৌৰৱত জলাঞ্জলি দিলোঁ? যাওক, সকলো যাওক, আকৌ
টকাখিনি থৈ আহোঁগৈ। তেওঁ শোৱাৰ পৰা উঠি বহিল।
আকৌ ভাবিলে—“নহয়, নিদিওঁ। এই টকাৰ অভাৱত নন্দেশ্বৰ
বৰুৱাৰ একো কষ্ট নহয়; কিয়নো, তেওঁৰ হাতত থাকিলেও
ই তেওঁৰ চন্দুকত নাইবা মাটিৰ তলত হে সোমাই থাকিব;
তেওঁতো খৰচ নকৰে। আৰু মই তো চুৰ কৰা নাই, পৰম
পিতাক সাক্ষী কৰি ধাৰলৈ আনিছোঁ; যিমান সোনকালে পাৰোঁ,
পৰিশোধ কৰিবৰ চেষ্টাত থাকিম।”
টকা গ্ৰহণ কৰিবলৈ ঠিক কৰি ৰঘুৱে চন্দুকটো মেলিলে; টকাখিনি উলিয়াই লেখিবলৈ ধৰিলে। মোনাত মুঠ ছশ টকা আছিল। তেওঁ লেখি বুজি টকাখিনি আকৌ চন্দুকত ভৰালে। সেই দিনা আৰু ৰঘুৰ খোৱা-বোৱা নহল, আকৌ পাটীত পৰি চিন্তা-সাগৰত টলংভটং কৰিবলৈ ধৰিলে।।