পৃষ্ঠা:সাতসৰী.djvu/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
সাতসৰী।


তিনি কুৰিৰ ওচৰ চাপিছে, দাঁত সৰহখিনি সৰিছে, মূৰৰ চুলি বগা হৈছে, কিন্তু ধন ঘটিবৰ হেপাহ হলে তেওঁৰ অলপপ কমা নাই। যেনে উপায়েৰেই হওক টকা পাবৰ সুবিধা দেখিলে তেওঁ নেৰে; যেন ধনেই তেওঁৰ ইহ-পৰকালৰ লগৰীয়া! এই নন্দেশ্বৰৰ পৰা সাহায্য পোৱা অসম্ভব বুলি ভাবিয়েই ইমান দিনলৈকে ৰঘু তেওঁৰ ওচৰ চপা নাছিল; কিন্তু সকলো ঠাইতে বিফল-মনোৰথ হৈ এবাৰ তেওঁৰ ওপৰলৈকো যাবলৈ ৰঘুৱে স্থিৰ কৰিলে। ৰঘুনাথে নন্দেশ্বৰৰ ওচৰত প্ৰথমে সাহায্য নিবিচৰাৰ আৰু এটা কাৰণ আছিল। কেইবা বছৰৰ আগৰে পৰা ৰঘুৰ অন্তৰত এটা বাসনাৰ অংকুৰ বাঢ়িব লাগিছে;—সেইটো হৈছে চিৰকালৰ নিমিত্তে যমুনা-সলিলত তেওঁৰ অৱগাহন। যমুনাৰ পৰাও সে তাৰ অনুকুল উচ্ছ্বাস উত্থিত হৈছিল, তাত সন্দেহ নাই। এতিয়া তেওঁৰ ভয়,—জানোচা তেওঁৰ দুদ্দশাৰ কথা শুনিলে যমুনাৰ মন সলনি হয়। তথাপি বহুত ভাবি-চিন্তি মৰ সাহ দি আজি তেওঁ নন্দেশ্বৰৰ ঘৰ পালেগৈ আৰু অৰক্ষিত ধনৰ মোনা তুলি লৈ প্ৰস্থান কৰিলে।

 ৰঘুৱে ঘৰ পাই পোনেই ধনৰ মোনাটো চন্দুকত ভৰালে; তাৰ পিচত পাটীত দীঘল দি পৰিল। তেওঁৰ গোটেই গা ঘামেৰে বুৰি গল; মনলৈ নানা চিন্তা আহিবলৈ ধৰিলে;—অতীত, বৰ্তমান আৰু ভবিষ্যতৰ কত মনোহাৰিণী আৰু বিভীষিকাময়ী মুৰ্ত্তি আহি