কাৰ্য্য যথানিয়মে সমাধা কৰি সংসাৰৰ গুৰু ভাৰ কান্ধত ললে।
কিন্তু হায়! এই ভাৰত যে চাৰি শ টকা ধাৰৰ বোজা এটাও
আছে! সেই যদুনাথ মৰিল, টকাৰ গৰাকীয়ে দিনৌ ৰঘুক
আমনি কৰিবলৈ ধৰিলে , কিন্তু তেওঁ দিয়ে কৰ পৰা! তেওঁ যে
কৰ্পদ্দক-হীন! তেওঁ নিৰুপা্য়, হৈ উত্তমৰ্ণক কাকূতি মিনতি কৰি
দুবছৰমান বাট চাবলৈ ধৰিলে; কিন্তু দুখীয়াৰ প্ৰতি কোনে চকু
মেলি চায়! তেওঁ সমূলি অপেক্ষা নকৰি আদালতৰ সাহায্যেৰে
টকা ডিক্ৰী কৰালে। এতিয়া ৰঘুৰ মহা শঙ্কট উপস্থিত হল।
টকা দিব নোৱাৰিলে যে পৈতৃক মাটি-ভেটিও যাৰ! তেওঁ ধনী
মানুহৰ ঘৰে ঘৰে ধন বিচাৰি ফুৰিলে; কিন্তু ফলত অপমানৰ
বাহিৰে আন একো নাপালে; ৰঘুৰ সজ চৰিত্ৰ, সজ গুণে একো
কাম দিব নোৱাৰিলে। সেই দেখিহে দুখীয়া কবিযে দুখ আৰু
অভিমানেৰে এদিন টানি কৈছিল, “দাৰিদ্ৰ্য-দোষো
গুণৰাশিনাশী।”
ৰঘুৰ ঘৰৰ পৰা অলপ দূৰৈতে নন্দেশ্বৰ বৰুৱাৰ ঘৰ। নন্দেশ্বৰ এজন ধনী মানুহ, কিন্তু অৰ্থ-পিশাচ। তেওঁৰ পুত্ৰ নাই; একমাত্ৰ কন্যা যমুনায়েই তেওঁৰ যথাসৰ্ব্বস্ব আৰু উত্তৰাধিকাৰিণী। তথাপি তেওঁক ধনকেহে লাগে; ধনেই তেওঁৰ সুখ- শান্তিৰ স্থান, ধনেই তেওঁৰ জীৱন-সঙ্গী। আৰ্চী যেন নিৰ্ম্মল ৰৌপ্য মুদ্ৰাৰ সংঘষত তেওঁ আপোন-পাহৰা হয়; তাৰ মধুৰ ধ্বনিয়ে তেওঁৰ শ্ৰৱনেন্দ্ৰিয়ৰ ওপৰত একাধিপত্য স্থাপন কৰে। নিজৰ গাৰ তেজ-মঙ্গহতকৈও টকাহে যেন তেওঁৰ প্ৰিয়। বয়স