পৃষ্ঠা:সাতসৰী.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চোৰ।
(১)

 তেতিয়া চঞ্চল মিচিকিয়া হাহি বসুমতীৰ ৰঙ্গচুৱা ওঁঠ এৰি আতৰি গৈছিল; ফুল-বছা আকাশী ওৰণিৰ তলত গালৰ গোলাপী ৰহণ শেতা হৈ পৰিছিল; কলকণ্ঠ বিহগৰ কোমল সঙ্গীত ক্ৰমশঃ ক্ষীণ হৈ আহি নিস্তদ্ধতাত মাৰ গৈছিল; আৰতিৰ মধুৰ ধ্বনিয়ে ভক্তৰ প্ৰাণত ঈশ্বৰ-প্ৰেমৰ সোঁত বোৱাইছিল; হজুৱা মানুহে কামৰ সঁজুলি ভাৰ বান্ধি ঘৰলৈ খোজ লৈছিল, আৰু ভাল মানুহবিলাকে প্ৰকৃতিৰ অস্থিৰ আচলৰ জুৰ বতাহত গা ঘেলাইছিল।

 এই সমীৰণ-সেবীসকলৰ ভিতৰত এজন ডেকা অতি লাহে লাহে ফুৰিছিল। তেওঁৰ কপালত চিন্তাৰ ৰেখা জিলিকি পৰিছিল আৰু মূৰ দোঁ খাইছিল। ডেকাজনৰ গঢ়-পিত চকুত-লগা; মুখখন যদিও শেঁতা, তথাপি সুগঠিত আৰু ল-নি; কাপোৰ-কানি অলপীয়া মূল্যৰ হলেও পৰিষ্কাৰ আৰু পৰিপাটি। তেওঁ সেই একে খোজেৰে অলপ সময় ফুৰাৰ পিচত নন্দেশ্বৰ বৰুৱাৰ পদূলিয়েদি সোমাই গ'ল। নন্দেশ্বৰ বৰুৱা তেতিয়া ঘৰত নাছিল; তিৰুতা মানুহৰ লগত চ’ৰা ঘৰৰ সম্বন্ধ নাই বুলিলেই হয়। তেওঁ কাকো নেদেখি নিজে নিজে মাচিয়া এখন টানি লৈ চৰা ঘৰতে বহিল আৰু মেজৰ ওপৰত থকা বাতৰি কাকত এখন লৈ ওপৰে ওপৰে চকু ফুৰাবলৈ ধৰিলে। তেওঁ এনেকৈ থাকেঁতেই লাহে