পৃষ্ঠা:সাতসৰী.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাতসৰী।

 মই—কিয় এনে হিয়া-ভগা কথা কোৱা? তোমাক পাহৰাৰ আগেয়ে—

 “সূয্য, সূয্য, ক্ষমা কৰা।" — এই বুলি তেওঁ মোৰ মুখত সোপা দি ধৰিলে; তেওঁৰ দুই চকু চকুলোৰে চল-চলীয়া হল। মই অনেক প্ৰবোধ দি তেওঁৰ ওচৰত বিদায় লৈ অতি হেপাহেৰে চুলি কেইডাল বুকত সুমুৱাই লৈ শূন্য-প্ৰাণেৰে ঘৰলৈ উলটি আহিলোঁ। আৰু পিচ দিনা কলিকতালৈ যাবলৈ জাহাজত উঠিলো।

(৬)

 কলিকতা পালোঁহি। নতুন ঠাইত নতুন উদ্দেশ্যত মনোযোগ দিব লগা হ'ল; সততে অপৰিচিত মানুহৰ লগত দিন কটাব লগাত পৰিলো। এই দূৰৈ ঠাইতো — এই ভাৰতৰ সুপ্ৰসিদ্ধ প্ৰধান ঠাইতো —মই মোৰ মনক স্থিৰ ৰাখিব নোৱাৰা হলোঁ; সততে চকুৰ আগত থকা অথচ ঢুকি নোপোৱা মালতীৰ চেনেহৰ আকৰ্ষণে মোক টানিবলৈ ধৰিলে। সময় বৰ দীঘল যেন লাগিল। কেতিয়া পৃজা আহিব, কেতিয়া কলেজ বন্ধ হব, ইয়াকেই মাথোন ভাবিবলৈ ধৰিলোঁ। যেতিয়া এনে চিন্তাই বেঢ়ি ধৰে, সেয়া নৈশ-নিস্তব্ধতা ভেদ কৰি মালতীৰ বিদায় কালৰ সেই কথাকেইষাৰ, মোৰ কাণত প্ৰতিধ্বনিত হৈ মোক ব্যাকুল কৰি তোলে, তেতিয়া তাৰ একমাত্ৰ মহৌষধ মালতীৰ সেই চুলি কেইডাল। আহা! সি যে মোৰ কিমান বন্ধুৰ কাম কৰে! চিন্তাৰ দহনত আধাপোৰা হিয়া কেনে শাঁত কৰে!