পৃষ্ঠা:সাতসৰী.djvu/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাতসৰী


দিনে সি ডেওফেও কৰে বাঢ়ি আহিবলৈ ধৰিলে। লাহে লাহে সেই নিঃস্বাৰ্থ বাল্য-প্ৰেম যৌৱন-সুলভ প্ৰণয়ত পৰিণত হ’ল।

 এতিয়া আমাৰ বাল্য-লীলাৰ অন্ত পৰিল। লগে লগে দুয়োৰে মাজত দূৰত্বও বাঢ়ি আহিবলৈ ধৰিলে। এতিয়া মালতী আগৰ দৰে মুকলি-মূৰীয়া হৈ ফুৰাত প্ৰতিবন্ধক ঘটিল। তথাপি সময়মতে আমাৰ দেখা-সাক্ষাৎ, মনৰ আবেগৰ সাল-সলনি, অতৃপ্ত ভাবৰ দান-প্ৰতিদান তেতিয়াও চলিয়েই থাকিল। কিন্তু কিয় ক'ব নোৱাৰোঁ, তেতিয়া আগৰ দৰে নিঃসঙ্কোচে মুখৰ পৰা কথা নোলোৱা হ'ল; কথাৰ লগে লগে লাজৰ ৰাঙ্গলী আভাই গোটেই মুখমণ্ডল বোলাই পেলায়।

(৫)

 মই প্ৰবেশিকা পৰীক্ষাত উঠি কলিকতাত পঢ়িবলৈ ওলালোঁ। যাবৰ আগদিনা আমাৰ দেখাদেখি হ'ল। সেই সময়ত যি ভাবে মনত তোলপাৰ লগাইছিল, সি অবৰ্ণনীয়। তেতিয়া অন্তৰৰ অপূৰ্ব্ব আবেগ আৰু বিদায়ৰ তপত চকুলো মিলি কি এটি অপূৰ্ব্ব সুখ-দুখৰ মিহলি ৰহণ সনা সৌন্দৰ্য্যৰ সৃষ্টি কৰিছিল! আজিও নৈশ নিস্তব্ধতাৰ মাজত সেই অশ্ৰুসিক্তনয়না মালতীৰ বিদায়- কালৰ কৰুণ কণ্ঠস্বৰ কাণত বাজি উঠা শুনো! মালতীয়ে মূৰৰ সেই ভোমোৰা-কলীয়া চুলিটাৰীৰ পৰা একোছা চুলি কাটি লৈ, মোৰ হাতত দি কলে—“সূৰ্য্য, সূৰ্য্য, তুমি যোৱাঁ, কিন্তু যদি অভাগিনীলৈ মনত থাকে, তেন্তে এই—