পৃষ্ঠা:সম্ভৱতঃ.pdf/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰকৃতিৰ মানুহ হৈ পৰিলোঁ।

 এইবাৰ বেলকনিলৈ ওলাই আহি দেখিলোঁ – ষ্ট্ৰিট লাইট জ্বলি উঠিছে। ভিৰ জমিছে দোকান-পোহাৰত।

 ‘তেওঁ’ এতিয়াও নাহিল। যদিহে তেওঁ নাহে! আস। কি এক ভয়ংকৰ সম্ভাৱনা!

 হঠাতে অৰুণা বাইদেউৰ প্ৰশ্নটো মোৰ মনলৈ আহিল — কোন তেওঁ? মই সজাগ হৈ ভাবিবলৈ আৰম্ভ কৰিলোঁ মোৰ ব্যাকুল প্ৰতীক্ষাৰ নায়কজনৰ কথা। কোন তেওঁ ক’ৰপৰা আহিব? একো মোৰ মনলৈ নাহিল।

 ‘তেওঁ’ বাৰু মোৰ দেউতা নেকি – যাৰ পোন, বলিষ্ঠ আঙুলিত ধৰি মই প্ৰথম খোজ কাঢ়িবলৈ শিকিছিলোঁ? যাৰ স্নেহ আৰু মমতাৰ অভেদ্য দুৰ্গৰ মই সুখী ৰাজকুমাৰী আছিলোঁ এদিন –? কিন্তু, তেওঁতো মৃত।

 নে বাস্তৱ ছাৰ যাৰ ওচৰত সততা আৰু নৈতিকতাৰ আদি পাঠ আওৰাইছিলোঁ, দেউতাৰ মৃত্যুৰ পিছত আকাশৰ অনুজ্জ্বল তৰা এটালৈ আঙুলিয়াই যি মোক আশাবাদে জীৱনক ধুনীয়া কৰাৰ কথা কৈছিল।

 নে তেওঁ তাহানিৰ আদিত্য – মোৰ সকলো শূন্যতাক আবৰি ৰখাৰ প্ৰতিশ্ৰুতি দিয়া মোৰ প্ৰথম আৰু শেষ প্ৰেমিক, যাৰ চকুত চকু থৈ স্বপ্নৰ চৈ দিয়া নাৱত উঠি মই গুচি যোৱাৰ কথা আছিল এখন ধুনীয়া দেশলৈ—

 নে ‘তেওঁ’ আন কোনোবা— চিনাকি অচিনাকি —।

 এসময়ত দোকান-পোহাৰবোৰ বন্ধ হৈ গ’ল। গাড়ী-মটৰৰ আহ-যাহ, মানুহৰ অহা- যোৱা সেৰেঙা হৈ পৰিল। ষ্ট্ৰিট লাইটৰ ৰহস্যময় পোহৰত নিশ্চল হৈ পৰি থাকিল পকী পথটো —।

 ঠিক এনে সময়তে বহুবাৰ এই বেলকনিত থিয় হৈ মই তৰা নোহোৱা ধূসৰ আকাশখনৰ সৈতে আত্মীয়তা গঢ়াৰ চেষ্টা কৰিছোঁ অথবা তললৈ জঁপিয়াই দিয়াৰ কথা ভাবিছোঁ। ভাবিছোঁ আৰু নিজকে সংকুচিত কৰি আনিছোঁ।

 আজিৰ কথা বেলেগ। ক্ৰমশঃ আন্ধাৰবোৰ গাঢ় হৈ আহিব। পথ হৈ পৰিব জনশূন্য। হয়তো এসময়ত আন্ধাৰো গলি যাব ...সোণালী হৈ উঠিল পূবাকাশ।

 নিশ্চিতভাৱে ইয়াতে ৰৈ অপেক্ষা কৰিম ‘তেওঁ’ৰ বাবে। নাহিবনে তেওঁ? আহিব। সম্ভৱতঃ ...।

সম্ভৱতঃ ● ৫২