উঠিল আৰু কলে—“তোমাৰ আই কি হৈছে মই কব নোৱাৰোঁ;
মই ইমান মাতিলোঁ অন্তত দুৱাৰ ভাঙিহে ভিতৰ সোমালোঁ আৰু
এতিয়াও দেখোঁ মাতকে নিদিয়া?” আহিনী এইদৰে কৈয়েই বাপাটোক
বিছনৰপৰা তুলি কোলাত ললে কিন্তু সি তেতিয়াও কান্দিয়ে আছে,
“কেলেই মাতিছ কলেহে জানোঁ।” বুলি মই কৈ কেই খোজমান পিছ
হহুঁকিলোঁ। মোৰ উত্তৰ শুনি তাই বাপাটোক কোলাত লৈয়েই
দ্বীপশলা মাৰি লেম্পটো লগালে। তাই নানাপ্ৰকাৰ গীত গাই বাপাটোক
জিত কৰিবৰ চেষ্টা কৰিলে কিন্তু পুনঃ পুনঃ চেষ্টা কৰাতো তাইৰ অভিলাষ
পূৰ্ণ নহল; অন্তত মোক কলেঃ—“আই, বাপাটোক পিয়াহ দিয়া;
তেহে জিত হব।” অনিচ্ছা স্বত্বে মই মাধৱক কোলালৈ আনি পিয়াহ
দিব ধৰিলোঁ। কি কথা কব নোৱাৰোঁ মোৰ চকু মাধৱৰ মুখত পৰাত
তাৰ মুখত কাৰবাৰ মুখৰ আভা দেখা পালোঁ, মোৰ প্ৰাণ ক্ষন্তেকলৈ
জুৰ পৰিল; কিন্তু অলপ পাছতেই কিহে বুকত খুন্দা মাৰিলে মই
নাজানোঁ; মোৰ চকু দুটা ভয় লগা হৈ উঠিল, কিয়নো আহিনীয়ে হেনো
সেই সময়ত মোৰ চকু জোৰ দেখি উচাপ খাই উঠিছিল। অহনীয়ে বিনয়-
ভাবে কলে—“মোক আই আজি নামাতা নে কি?” “বাই, তোমাক নো
মই নামাতিম কিয়?” বুলি কোৱাত আহিনীয়ে কলে “ইয়াৰ আগতে
দুবাৰ তিনিবাৰ তোমাক মাতিছিলোঁ, তেতিয়া দেখো নামাতিলা?”
“তুমি মাতা মই কব নোৱাৰোঁ বাই!” বুলি কোৱাত আহিনীও মোৰ
লগতে মাটিতে বহিল।
পৃষ্ঠা:সমাজ-কথা.djvu/৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
৩