পৃষ্ঠা:সমাজ-কথা.djvu/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


হী—মাই, চোৱা এতিয়াই তুমি তেঁওক বেয়া বুলিছিলা নহয়। তেঁও চিঠি দিয়েই আছে—আমিহে কিবা কাৰণত পোৱা নাই।

হী. মা.—বুজিছোঁ এইবোৰ হৰি বাপুৰ চক্ৰান্ত। সিদিনাখন শুনিলোঁ, নগাৱঁৰপৰা, দুজন লোক আহিছিল, হৰি বাপুৱে লুদাইহঁতৰ লগত যোগ দি মুক্তাক যাতে সমাজে লব নোৱাৰে তেনেকৈ এখন লিখি দিছে। বোধ হয় এই কাকতখন পোৱাৰ পাছতেই মুক্তাৰ পিতাকক এৰি থৈচে; সংসাৰত যে কিমান ধৰণৰ মানুহ থাকে!

হী.—মই একো নবুজিলোঁ মাই!

হী, মা,—তই দেখো চিঠিত পঢ়িলিয়েই। মুক্তাই যে আমাৰ ঘৰত ভাত খাইছিল আৰু আমি তেঁওক ঘৰত ৰাখি শুশ্ৰুষা কৰিছিলোঁ, সেইবোৰ কথাৰ পৰাই মুক্তা আৰু তেঁওৰ বাপেকে এই শাস্তি ভোগ কৰিব লগীয়া হৈছে।

হী.—উস্ তেনেহলে আমি, বিশেষকৈ ময়েই সেই পাপৰ ভাগিনী হলোঁ!

হী, মা—মাষ্টৰণী কৈছে, ইয়াত পাপ নহয়, পুইন হে হৈছে। মুক্তাৰ

জাতি যাব নোৱাৰে।

৭৫