পৃষ্ঠা:সমাজ-কথা.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


 মোক মাই মাতিলে “আই, আহ ভাত খাবৰ হ'ল।” মাইৰ আদৰৰ মাত শুনি মই আনন্দেৰে গ'লোঁ; আন দিনাৰ দৰে ৰঙেৰে ভাত-পানী খালোঁ। ভাত খাই মোৰ শোৱনী কোঠাত সোমাই অলপ বহোঁতে পিতা-মাতাৰ কথা-বতৰা মোৰ কাণত পৰিল। যিমানে তেওঁলোকৰ কথা শুনিলোঁ, সিমানেই শুনিবলৈ মোৰ আগ্ৰহ হ’ল। কিছু পৰৰ মূৰত তেওঁলোকৰ কথা শেষ হ’ল,মোৰো বুজিবলৈ একো বাকী নৰল। কথা শুনাৰ লগে লগে কিয় কব নোৱাৰোঁ মোৰ শৰীৰ অৱশ হ'ল, মুখেৰে মাত মাতিবৰ ইচ্ছা নোহোৱা হ'ল। এই সময়ত মই কত কেনে ভাবে কিমান সময় আছিলোঁ, সিও মোৰ মনত নাই, কেতিয়া কি বাবে মোৰ কোঠালিৰ লেম্পটো নোমালোঁ তাকো এতিয়া মোৰ মনত নপৰে। পাছত কটাৰী বিচাৰিলোঁ; কটাৰী নাপাই জৰী এডাল বিচাৰি বিচাৰি মোৰ মহৰীখনত ধৰি আজুৰিছোঁ। কেই হাতমান জৰী ওলাওঁতেই বাহিৰৰপৰা কোনোবা এজন মানুহ দুৱাৰ ভাঙি সোমোৱা মোৰ বোধ হ’ল। অলপ পাছতেই বুজিলোঁ আহিনীহে, আন কোনো নহয়। আহিনী ভিতৰ সোমাইয়েই কলে, “আই, তুমি সাৰ পোৱা নাই নে কি? বাপাটোৱে ইমান কান্দিছে? বাপাটোৰ হ’ল কি?” মই একো নামাতিলোঁ॥ তেতিয়া তাইৰ খং উঠিল; আৰু টান ভাবে ‘আই, আই, বুলি মাতিব ধৰিলে।

 মই তাইৰ ওচৰতে থিয়হৈ আছিলোঁ; তাই কেইবা বাৰো মাতাৰ পিছত মই উত্তৰ দিলোঁ—‘হু’। মোৰ উত্তৰ শুনি তাইৰ আৰু খং