শান্তি দেবীয়ে দেখা দিলে। হীৰাৰ আনন্দ কুলায় পাচিয়ে নধৰা হল—
গাৱৰ মানুহৰ মুখতে হীৰাৰ জয় জকাৰ শেষ নোহোৱা হল।
এই সময়তে এদিন নিশা হীৰা আৰু তেঁওৰ মাকে চোতালত বহি জুৰ লৈ থাকোতে মাকে কলে —“সেই ডেকাজন, বাস্তৱতে বৰ আচৰিত ধৰণৰ মানুহ।”
হীৰা—কোন ডেকাৰ কথা কৈছা মাই! নগাৱঁৰ মুক্তানন্দ নে?
মা —এৰা মুক্তাই নে শুক্তাই, তাৰ কথাহে কৈছোঁ। সি নো বাৰু যাওঁতে এষাৰ আমাক ভাল কথা কৈ যাব নোৱা- ৰিলে নে?
হী.—কি ভাল কথা কব মাই! তেওঁ যাওঁতে যেনে কাতৰ ভাবে “মই এতিয়া বাৰু আহোঁ।” বুলি চকু চলচলীয়া কৰিছিল, তাতকৈ আৰু কি ভাল কথা কব পাৰে মানুহে! মোৰ বোধে মানুহ জন ভাল লিখা পঢ়া জনা আৰু দয়ালু।
মা—অঁ দয়ালুতো! তাৰ গু ধোলোঁ, মূত পেলালোঁ, সি ইমান দিনে আমালৈ এখন চিঠিও নিদিলে, ইয়াতকৈ নো আৰু মানুহ দয়ালু হব পাৰে জানোঁ?
হী—মোৰ বোধে তেঁও তেনে অগুণগাঠী লোক হব নালাগে—সম্ভৱতঃ তেঁও কিবা অসুবিধাত পৰিহে আমাৰ খবৰ লব পৰা নাই।
এনেতে হৰি বাপুৰ চাকৰ এটাই তেঁওৰ হাতত এখান চিঠি
দিলে। পাঠকসকলে হৰি বাপুক চিনি পায়; তেওঁ গাৱঁৰ