পৃষ্ঠা:সমাজ-কথা.djvu/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


মাৰি থৈ লৰ দিলোঁ। এইখিনি পাই মোৰ ভাবে ভাৰে মিলা দেখি, অস্থিৰ হৈছিলোঁ, পাছত তই হৰিবাপুৰ ঘৰত থাকা বুলি শুনাতহে মোৰ গাত তত্‌ আহিছে। এতিয়া আৰু ইয়াত থাকি কি কৰিম—ঘৰতো পৰি চুৰ্ণাকৃত হলেই, টকৌ পাত কেইটাকে বুটলি থৈ ধনীবাপুৰ ঘৰলৈ যাওঁ বোল। তেওঁলোকৰ বাট ঘৰা বা চৰাত পৰি থাকিব পাৰিম।

 তিনদিনৰ মুৰত ডেকা অলপ সুস্থ হল। মাষ্টৰণী ঘৰৰপৰা আহি গাওঁ পালে। হীৰা আৰু তেওঁৰ মাক এতিয়াও ধনী বাপুৰ বাট চৰাতে। গাৱঁৰ সকলোৱে এওঁলোকক সহায় কৰিব লাগে বুলি কয়, কিন্তু গাত লাগি কেৱে নধৰে। মাষ্টৰণীয়ে হীৰাহঁতৰ অৱস্থা দেখি, তেওঁ নিজেই তাৰ ভাৰ ললে; কিন্তু গাৱঁৰ মানুহে যেতিয়া হীড়াৰ পাগ থকা ঘৰৰ কাম বন গাইপতি এতোলাকৈ সোণ দিলেও কৰিব নোৱাৰে বুলি জবাব দিলে, তেওঁ অলপ বিবুদ্ধি হল। শেষ একো উপায় নেদেখি পাছ দিনা তেওঁ বৰ চাহাবলৈ খবৰ দিলে; নগৰৰ পৰা কেইজনমান বনুৱা লোক গল; দিন দিনেকৰ ভিতৰতে হীৰাহঁতৰ ঘৰ ভালহৈ উঠিল।

 ডেকা দুদিনমান অলপ ভালহৈ উঠাৰ পাছতেই আকৌ তেওঁক গ্ৰহণীয়ে লাগ দিলে। ডেকা থকা মানুহ ঘৰ বামুণ, ডেকা জাতিত কায়স্থ আছিল। ডেকাৰ তেনে নৰিয়া দেখি গিৰিহঁতৰ আগৰ পুতৌ ভাব ক্ৰমে কমি আহিল, আৰু পাছত চেই নিচেই ভাবো দেখা দিলে। হীৰা দিনৰ ভাগ সময় ডেকাৰ লগত থাকে, গধূলি হলে

অনিচ্ছা স্বত্বে ঘৰলৈ যায়। ক্ৰমে গিৰিহঁতৰ বেজেৰা মাত, দুই

৭১