হীৰাও উঠি লৰি ফুৰিব ধৰিলে,—হীৰা লাহে লাহে স্কুললৈ যোৱা-অহা
কৰিব পাৰা হল। হীৰাৰ স্কুলৰ সঙ্গিনীসকলে হীৰাক পাই আনন্দ
কৰিলে।
পূজাৰ বন্ধ হল — মাষ্টৰণী ঘৰলৈ গল। বিজয়াৰ দিনা আবেলি হীৰাই নৈত বৰশী বাই আছিল,—এনেতে হঠাৎ ধুমুহা বতাহ আহিল। হীৰাই চাৰিওফালে চাই দৌৰ মাৰিব খোঁজোঁতেই পাৰোৱাইৰ নাও এখন ডুবা তেওঁৰ চকুত পৰিল। হীৰাৰ ভৰি ঘৰলৈ নচলা হল—তেওঁ ঘাটলৈ লৰ দিলে। নৈ খন বৰ বহল নাছিল—পানীত ডুবা কিছুমান লোক সাঁতৰি, কিছুমানে নাওৰ বাৰত ধৰি পাৰত উঠিব ধৰিলে। এজন ডেকা কিন্তু উঠিব নোৱাৰি এবাৰ পানীৰ তললৈ আৰু এবাৰ ওপৰলৈ উঠি কক্বকাব ধৰিলে। হীৰাই ডেকাৰ তেনে সঙ্কটাৱস্থা দেখি গল ফালা আটাহ ধৰিলে; তেওঁৰ চিঞৰ শুনি বহুতে ডেকাৰ ফালে চালে, কিন্তু তেওঁক তুলি আনিবলৈ কেৱে আগ নাবাঢ়িল। হীৰাই পানীত জাপ দিলে —ডেকা সেই সময়ত এশ নলমান ভটিয়াই এটা দ কুৰত পৰিছে। হীৰাই গৈ ডেকাক ধৰিলে, কিন্তু তাৰপৰা তেওঁক আনাটো তেওঁৰপক্ষে টান হৈ উঠিল। অন্তত ১৪ বছৰীয়া হীৰাই ২৫ বছৰীয়া ডেকাক জীউ মূৰ টাকি বোকোচাত ললে, আৰু লাহে লাহে ধাৰ কাটি পাৰৰ ফালে খেৱ দিলে। হেন সময়তে দৈবক্ৰমে বাটেৰে নাও এখন উটিগৈ সেই খিনি পালে; হীৰাই ততালিকে নাওখন ধৰি অতি কষ্টে ডেকাক
তাত তুলিলে। ডেকা সেই সময়ত লাল–কাল তেওঁৰ চকু জোৰ ৰঙা হৈ
৬৯