বৰষুণত কোন কাৰ ঘৰলৈ আহিব আই! তাতে মাষ্টৰণী ধনীৰ জীয়াৰী,
পানী পেক এদিনলৈ খচা নাই, সময়টোও হৈ আহিছে বেয়া, —ঈশ্বৰক
ভাব, তেওঁ যি কৰে।”
তাৰ পিছত মাক জীয়েক কিছুপৰ নীৰবে থকাত আধা ভিজা হৈ খালি ভৰিৰে মাষ্টৰণী আহি হীৰাৰ কাষত থিয় দিলে। হীৰাৰ মাকে মাষ্টৰণীক তেনে অৱস্থাৰে উপস্থিত হোৱা দেখি আচৰিত হৈ ভৰিত সাৱটি ধৰি কবলৈ ধৰিলে—“খৃষ্টানেই হোৱা বা মছলমানেই হোৱা তুমি দেবী; নহলে ইমান কষ্ট কৰি এই বিধবাৰ ঘৰত তুমি পদধূলি নিদিয়া। হীৰাক তোমাৰ চৰণত সঁপি দিলোঁ; আজিৰেপৰা তাইক তোমাৰ জী বুলি ভাবিবা। আজি আৰু মই পাগো নেপেলাওঁ — এনে দেবীক খ্ৰীষ্টান বুলি মই বাছিব নোৱাৰোঁ॥” মাষ্টৰণীয়ে বলেৰে ভৰি দুখন টানি নি কলে “ছিঃ বাই, কি কৰা তুমি! হীৰাৰ নিমিত্তে চিন্তা নকৰিবা দুই এদিনতে ভাল হব।” এই বুলি তেওঁ হীৰাৰ ওচৰতে বহি চিকিৎসা কৰিবলৈ লাগিল।
মাষ্টৰণী কলিতাৰ ছোৱালী—ঘৰ নগৰত। মিছনাৰী স্কুলত পঢ়িছিল—তাকে শুনি গাঁৱৰ মেলেকীসকলে লগ লাগি খৃষ্টান বুলি ঘোষণা কৰিছে। মাষ্টৰণীক কেৱে সামাজিক কামলৈ নিমন্ত্ৰণ নকৰে, মাষ্টৰণীও নাযায়। পোনতে মাষ্টৰণীয়ে প্ৰতিবাদ কৰিছিল, কিন্তু কেৱে পতিয়াৰ নোখোজা যেন দেখি পাছলৈ কবলৈ এৰিলে।
এদিন এদিনকৈ আৰু তিন দিনৰ মূৰত বক্তৃতা শেষ হইল; ইফালে
৬৮