পৃষ্ঠা:সমাজ-কথা.djvu/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুটি পদ্ম।

 “মাই! তুমি কলৈও নাযাবা মোৰ ভয় লাগে।” “তোৰ দেখো বৰ জ্বৰ, মাষ্টৰণীক মাতি আনিব পৰিলে ভাল আছিল,” বুলি হীৰাৰ মাকে হীৰাৰ মূৰত হাত দি ওচৰতে বহিল। দুদিন হীৰাৰ জ্বৰ—সেই দিনা দুপৰীয়া জ্বৰ বৰ বেছি হৈছিল। আবেলি পৰত গা অলপ চেঁচা পৰা দেখি হীৰাৰ মাকে ওজা বিচাৰি ওলাইছিল; হীৰাই ভয় লাগে বুলি কোৱাত স্বৰগ ভাগি তেওঁৰ মূৰত পৰাৰদৰে হল।

 হীৰাহঁতৰ ঘৰ নদীৰ পাৰত—গাঁৱৰ তেনেই এমূৰত। হীৰা আৰু তেওঁৰ মাকেই তেওঁলোকৰ ঘৰৰ পৰিয়াল। ঘৰ একেটি; হীৰাৰ পিতাক থাকোঁতে তাক চাইছিল—আজি আঠ বছৰে কোনো পুৰুষ মানুহে তাত হাত দিয়া নাই; হীৰাৰ মাকে কিছুমান টকৌ পাত চালত দিয়াতহে কোনো প্ৰকাৰে দুয়ো মাক জীয়েক তাত থাকিব পাৰা হৈছে। হীৰাহঁত জাতিত হীড়া—চৰু,হাড়ি গঢ়ি কোনো মতে পেট প্ৰবৰ্ত্তে। গাঁৱৰ মানুহ সৰহ খিনিয়েই বামুণ, বাকী খিনি কোছ আৰু কেওঁট। এই তিনি জাতিৰ মানুহে হীৰাহঁতক চুলে গা ধোৱে—চৰু, হাড়ি নালাগিলে

তেওঁলোকৰ চোতাললৈ কেৱে নাযায়।

৬৫