পুঃ—মানুহৰ অসাধ্য একো নাই—ভয়েহে অসাধ্য কৰে। তুমি তোমাৰ
পূৰ্ব্বৰ একাগ্ৰতাক আশ্ৰয় কৰিলে তোমাৰ ব্ৰত সিদ্ধি নহৈ নাথাকে।
চোৱা, তুমি এই অৱস্থাত কামবোৰ এৰিলে সেইবোৰ তাতে জঁয়
নপৰিব নে? জীৱনৰ বসন্তকাল সদায় নাথাকে, ধৈৰ্য্য ধৰা৷
গো:—দেৱ, মই কেনেকে গৈ সেই ঘৰত সোমাওঁ গৈ আৰু কাৰ্য্য ক্ষেত্ৰত বা কিৰূপে নামোঁ।
পু:—মানুহ নমৰা এঘৰ মানুহ বিচাৰি উলিয়াব পাৰা নে? তুমি হে মাত্ৰ সংসাৰী মানুহ!—তোমাৰ দৰে লোক অস্থিৰ হলে সংসাৰ কি হলহেঁতেন বাৰু? তুমি কেৱল তোমাৰেই প্ৰিয়জন হেৰোৱা বুলি ভাবা নে কি?
গো:—দেব, জ্বৰা, মৃত্যু, ভয়, ৰোগ শোকে পূৰ্ণ সংসাৰলৈ মোৰ বিতৃষ্ণা হৈছে,—মই আৰু নোভোতোঁ; আপুনিয়েই মোক চৰণত ঠাই দিয়ক।
পু:—চোৱা গোপাল, এই সুনীল আকাশ মোৰ চন্দ্ৰাতপ, ধৰা মোৰ শয্যা, (হাত দাঙি ) এই বাহ শয্যা শুৱনি কৰা গাৰু, নদীৰ পানী মোৰ পানীয়, (আঙুলিয়াই ) সেই দূৰত থাকা বননীয়ে মোৰ সুস্বাদু আহাৰ্য্য ভাণ্ডাৰ। শৈশৱ কালত মাতৃ দুগ্ধ খাই যিদৰে ডাঙৰ হৈছিলোঁ এতিয়া সেইৰূপে স্বভাৱজাত ফল-মূল খাই জীৱন
ধৰিছোঁ। মাতৃগৰ্ভৰপৰা যিদৰে সম্পত্তিহীন আৰু নিৰ্ভাৰ হৈ জন্ম