ধোৱে, মৃতকৰ অস্থি নিক্ষেপ কৰি জীৱক মুক্তি দিয়ে; তোমাৰ কৃপাত
দুই পাৰৰ লোকে দুৰ্লভ বস্তু ভোগ কৰে, যোগী-সন্ন্যাসীয়ে তোমাৰ
পাৰত বহি ধ্যান কৰি সিদ্ধি লাভ কৰে, তুমি মোৰ প্ৰতি কিয় নিষ্ঠুৰ
হলা দেৱ। (অলপ ৰৈ) অ, মোৰ ভুল হৈছিল—তুমি নিয়া নাই,
মোৰ সোণেহে, মোৰ প্ৰাণেহে কিবা কথাত মোক খং কৰি জলত
ভাহি গৈছে। মোৰ সোণ, মোৰ বুকৰ জীউ, তুমি কি কথাত
খং কৰিলা? আন দিন দেখিলে দৌৰি ওচৰ পোৱা, আজি দেখো
তুমি ঘূৰি নোচাৱা? বুজিলোঁ, তোমাৰ অভিমান হৈছে। মই তোমাক
কিমান ভাল পাওঁ বুক ফালি চালে দেখা পাবা; আহা সোণ আহা,
নাযাবা, নাযাবা মোৰে কিৰা। অ, আন দিন শপতৰ নাম শুনিলে খং
কৰি উঠা, আজি শপত দিয়াতো উলটি নাচালা, বাৰু ৰবা মোৰ বুকৰ
ধন, মই তোমাৰ ৰঙা ভৰি দুটাত ধৰি কাবৌ কৰি আনো,” এই
বুলি নদীত নামোঁতেই কিছুমানে গৈ তেওঁক ধৰিলে আৰু লগতে তেওঁক
ধৰিলে আৰু লগতে তেওঁক গা ধোৱাই ঘৰলৈ লৈ আহিল।
⸻⸻