ওজাক, মই বেহাৰ দুইমোণ দিম।” ইত্যাদি। কিন্তু কালে যেতিয়া
ধৰিব সাক্ষাৎ ধনন্তৰীৰ কি ক্ষমতা যে, জীউ দিব পাৰিব। ৰাতি শেষ
হল, লাহে লাহে তাৰ পাছৰ দিনো চলিল; পুনৰ ৰাতি হল, ৰাতিৰ
পাছত দিন আহিল,—ওজাৰ মন্ত্ৰপাঠ, বিহঢেকীয়াৰ কোব, আগলতি-
পাতৰ কোব ক্ষান্ত হোৱা নাই, ভকতৰ হৰিধ্বনি কম পৰা নাই কিন্তু
গোলাপীৰ চকুমেল নাখালে। অন্তত সকলোৰে আশা নিস্ফল হল—
হায়! আজি সকলো পঢ়াশালিৰ বিশেষকৈ নিজ গাৱঁৰ পঢ়াশালিৰ
লৰা-ছোৱালীৰ কান্দোন শুনি কোন থিৰে ৰব পাৰে? ঘৰে ঘৰে
কান্দোনৰ উৰ্ম্মি উথলি উঠিল— সেই দিনা সকলোৰে আহাৰ বন্ধ—
এঘৰৰো আখললৈ জুই নগল, কাৰো ভোকৰ খবৰ নাই। শেষত আবেলি
পৰত সকলোৱে গোলাপীৰ শটো আগত লৈ মূৰে কপালে হাত দি বহিল;
হয়। সেই দয়া, প্ৰেম, সৰলতা আৰু জ্ঞানৰ প্ৰতিমাখান সিবিলাকে
পুৰি ছাই কৰে কেনেকৈ? বয়সীয়া কিছুমানে লগলাগি নদীত গৈ এখান
ভেল সাজিলে। পাছত খোল-তাল লৈ শটোৰ ওচৰত ঘোষা গাবলৈ
ধৰিলে; গীতৰ ৰাগিনীত আৰু খোল-তালৰ শব্দত বহুতৰ শোক কিছু
পাতল পৰিল। মৃত শ ঘাটলৈ নিলে, গোপাল কাঠৰ পুতলাৰদৰে পাছে
পাছে গল—তেওঁ নিৰ্ব্বাক। শ ভেলত তুলি হৰিধ্বনি কৰি ভেল এৰি
দিলে—গোপালে চাই ৰল কিন্তু অলপ পাছতে কবলৈ ধৰিলে—“হে পিতা
ব্ৰহ্মপুত্ৰ, তুমি মোৰ সোণৰ কমলটি কলৈ নিয়া? তুমি তাপিতৰ শান্তি-
দাতা, দৰিদ্ৰৰ অন্নদাতা; তুমি পৱিত্ৰ, তোমাৰ স্নান কৰি পাপী পাপ