দিন সদায়, কাৰো সমানে নাযায়;—একেৰাহে মানুহে সুখ ভোগ
কৰিবলৈ নাপায়, দুখ লানি নিছিগাকে মানুহৰ গাত নপৰে,—শোক,
তাপ, পীড়া লাহে লাহে আহে আৰু আঁতৰে। এদিন ৰাতি গোপালে
ডেকা লৰাবিলাকক খেতিৰ সম্বন্ধে কিতাপ পঢ়ি কিবা বুজাই আছে
এনেতে এজন নদিয়াল মানুহ আহি কলে—তেওঁৰ লৰাটিৰ নৰিয়া
আজি টান। গোলাপী ওচৰতে আছিল, তেওঁ কলে “আপুনি এওঁবিলাকক
বুজায় থাকক ময়ে চাই আহোঁগৈ” এইবুলি তেওঁৰ সখীক লগত লৈ
মানুহজনৰ ঘৰলৈ গল। আহাৰ মাহ, ৰাতি আন্ধাৰ, বৰষুণো দুই
এটোপা পৰিছে—জোক, মহ, সাপৰ তো কথাই নাই—কিন্তু গোলাপী
একোলৈকে কটাহি নকৰিলে। গোলাপীয়ে বেমাৰীৰ কাষত বহি
মূৰত হাত দিলে ঔষধ নিজে খুৱালে—বেমাৰীয়ে আৰাম বোধ কৰি
“মাই” বুলি গোলাপীক সেৱা কৰিলে। সেই সময়তে আন এজন মানুহে
কলেহি —“নদীৰ বান্ধটো কি জানি আজি ৰাতি ভাঙিব।’’ গোপালৰ
যত্নতে এই বান্ধটো তৈয়াৰ হৈছিল; বান্ধটো ভাঙিলে খেতি-বাটি নষ্ট
হব, ঘৰ-দুৱাৰ ডুব যাব—লগতে গোপালৰ সকলো যত্ন অথলে যাব।