পৃষ্ঠা:সমাজ-কথা.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


আন্ধাৰ দেখিলে। গোপালে বিধবাক বহুত বুজাই লগত লৈ আহিল আৰু গোলাপীক সোধাই দি কলেঃ—“আজিৰেপৰা এও তোৰ সখী হল—এওঁৰ যত্ন লবা।” প্ৰকৃততে গোলাপীয়ে সেই দিনাৰপৰা বিধবাক “সখী” বুলি সম্বোধন কৰা হ’ল আৰু বিধবায়ো গোলাপীক পাই সংসাৰৰ সকলো জ্বালা-যন্ত্ৰণা পাহৰিলে।

 লাহে লাহে গোপালৰ পঢ়াশালি, কাৰখানা, ৰাতিৰ স্কুল ডাঙৰ হৈ উঠিল। গোপালে গোলাপীক কলে—“ৰাতিপুৱাৰ পঢ়াশালি মই অকলে চলাব নোৱাৰা হলোঁ, তুমি মোক অলপ সহায় কৰিব লাগে।” গোলাপী—কি সহায় কৰিব লাগে নাথ, কওক!

গোপাল—ৰাতিপুৱা তুমিয়ো কিছুমান লৰা-ছোৱালীক পঢ়াব লাগিব; মই তাৰ এখন তালিকা কৰি ৰাখিছোঁ।”

গোলাপী—-পঢ়াবলৈ যে, মোৰ লাজ লাগিব?

গোলাপ—-লাজ্! কি লাজ প্ৰিয়ে! আৰ্য্য নাৰী হৈ—-বিশেষকৈ ব্ৰাহ্মণ কুলত উপজি লৰা-ছোৱালীক শিক্ষা দিবলৈ লাজ! ছাত্ৰ-ছাত্ৰী নিজৰ পুত্ৰ-কন্যাৰ স্বৰূপ। মা-বাপেকে লগলাগি লৰা-ছোৱালীৰ লগত ৰং-তামাছা নকৰে নে? তদুপৰি তুমি এটি ৰত্ন, তোমাক পাই বৰং সিহঁত বেছি আনন্দিত হব।

তেতিয়া গোলাপীয়ে বাহিৰত অলপ বেজাৰ ভাব দেখুৱাই—“আপুনি কি

৪৮