এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
বি, এ, পাছ হৈছে। পৰীক্ষাৰ খবৰ শুনি হাকিম আৰু অস্থিৰ হল আৰু
নিজে পাছ দিনা ৰবিবাৰ পাই গোপালৰ ওচৰত উপস্থিত হল গৈ৷
গোপালে হাকিমৰ আগমনৰ কাৰণ বুজিব পাৰি বিনয়-নম্ৰ-বচনে
তেওঁৰ প্ৰস্তাৱত অসম্মতিৰ ভাব প্ৰকাশ কৰি তেওঁক বিদায় দিলে।
সেই দিনাৰপৰা উকীল আৰু হাকিমৰ মনান্তৰ ঘটিল—গোপাল,
হাকিম আৰু উকীলৰ চকুৰ শূল হল। ইয়াৰ পাছত গোপাল
২৷৩বাৰ মোমায়েকৰ ঘৰলৈ গৈছিল—কিন্তু গোপালে এদিনো
মোমায়েকৰ মুখৰ মাত আষাৰ নাপালে।
⸻⸻
৪৩