পৃষ্ঠা:সমাজ-কথা.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


আহি ইয়াত থাকোঁতে মই সকলো কথা গোপালক কওঁ বুলিছিলোঁ— আপুনিহে পৰীক্ষাৰ খবৰ ওলোৱালৈ বাট চাই হাক দিলে; বাৰু মই আজিয়েই লিখিম। “চিঠিত আপুনি সকলো কথা খুলি লিখিব। মই এতিয়া আহোঁ,” এই বুলি হাকিম নিজ ঘৰলৈ গল উকীলে—গোপাল হাকিমৰ জোৱায়েক হবলৈ সম্মত হলে ধন লাভ, সহায় লাভ, হাকিম পদ লাভ আদি সকলোবোৰ সম্ভৱ-অসম্ভৱ কথা বৰ্ণাই তেতিয়াই গোপাললৈ এখন দীঘলীয়া চিঠি লিখি তেওঁক মাতি পঠালে।

 যথাসময়ত পত্ৰ গৈ গোপালৰ হাতত পৰিল। গোপালে দশ মিনিট মানে পত্ৰখন পঢ়ি কিছু পৰ নিমাত হল। পাছত তাৰ উত্তৰ স্বৰূপে মোমায়েকলৈ বহুত কাকুতি-মিনতি কৰি ঢেৰ কথা লিখিলে আৰু শেষত লিখিলে—“আপুনি মোৰ পালক আৰু সম্বন্ধত মামা, গতিকে পিতৃস্বৰূপ, প্ৰাৰ্থনা কৰোঁ আপুনি মোক ইমান ডাঙৰ মানুহৰ লগত সম্বন্ধ কৰিবলৈ আদেশ নিদিব। মই চাৰিদিন মানৰ পাছতেই আপোনাৰ ওচৰত উপস্থিত হম।’’

 উকীলে গোপালৰ চিঠি পাই খঙত অধীৰ হল আৰু বহুত গালি- শপনি পাৰি ৰাগতে ‘নিমখ হাৰাম’ আদিও এয়োগ কৰি পুনঃ পত্ৰ লিখিলে। গোপালে এই পত্ৰখনো পঢ়িলে কি তেওঁৰ অলপো ভাব নলৰিল—পূৰ্ব্বৰ দৰে বিনীত ভাবে উত্তৰ লিখি শেষত লিখিলে “আশা কৰোঁ এই বিষয়ে অধমক ক্ষমা কৰিব।’’

 ইয়াৰ এদিন পাছতেই পৰীক্ষাৰ খৰৰ ওলাল—গোপাল প্ৰথম বিভাগত

৪২