গোপালে এই সময়ত মোমায়েকৰ ধন খৰচ কৰা নাছিল। তেওঁ যি বৃত্তি পাইছিল তাৰেই চলিছিল; কেতিয়াবা বেছি নাটা-নোজোৰা হলে ছাপাখানাত একো বেলা কাম কৰিছিল। এইদৰে গোপাল কলিকতাত চাৰি বছৰ থাকি বি এ, পৰীক্ষা দি ঘৰলৈ আহিল।
⸻⸻