পৃষ্ঠা:সমাজ-কথা.djvu/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


বৰ চোকা বুধীয়া লৰা আৰু সৰুতে মাক-বাপেক মৰাৰ কাৰণেই নে কি তেওঁ বৰ টেঙৰো আছিল। তেওঁ স্কুলত পঢ়াত মোমায়েকৰ অলপ ধন খৰচ হৈছে আৰু সেই বাবে মোমায়েকৰ অলপ অসন্তোষ সেইটো গোপালে ভালদৰে বুজিছিল। উকীলৰ ঘৈনী, গোপালৰ মামীয়েক এগৰাকী দয়াৱতী তিৰোতা। তেওঁ গোপালক নিজৰ লৰাৰদৰে মৰম কৰিছিল; গোপালেও তেওঁক মাকৰদৰে ভক্তি কৰিছিল আৰু কেতিয়াবা কিবা লাগিলে তেওঁকেই খুজিছিল।

 তিনি বছৰৰ পাছতেই গোপালে দুখীয়া স্কুলৰপৰা পৰীক্ষা দি বৃত্তি লাভ কৰিলে। খবৰ শুনি উকীলে অন্তৰত বেজাৰ ৰাখি বাহিৰত মিচিকীয়াই হাঁহি দেখুৱালে আৰু বাধ্য হৈ ইংৰাজী স্কুলত নাম লগাই দিলে। গোপালে বছৰে বছৰে যোগ্যতাৰে উত্তীৰ্ণ হৈ সাত বছৰৰ ভিতৰত ইংৰাজী স্কুলৰ পঢ়া শেষ কৰিলে। তেতিয়া গোপাল চেঙেলীয়া ডেকা; তেওঁ স্কুলৰ শেষ পৰীক্ষা দিয়েই তেওঁৰ নিজৰ গাৱঁলৈ গল আৰু মাটি বাৰীৰ খবৰ কৰিলে। দুমাহৰ মূৰত খবৰ ওলাল গোপালে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কুৰিটকাকৈ বৃত্তি পাইছে। মামীয়েকৰ মনত আনন্দৰ ঠাই নাই; তেওঁ গোপালৰ হাতত এশ টকা দি দিন দিয়েকৰ পাছতেই কলিকাতালৈ পঢ়িবলৈ পঠিলে৷

 স্কুলৰদৰে কলেজৰ পঢ়াও তেওঁ বৰ মনযোগেৰে কৰিবলৈ ধৰিলে।

৩৮