হলেও আমাৰ নমস্য। বাৰু পদুম, এতিয়াই যে, তুমি শ্লোকটি
গাইছিলা আকৌ এবাৰ মাতাচোন।
পঃ—ইস্ আপুনি আচাৰ্য্যৰ ঘৰৰ লৰা, আপুনি জানো নাজানে!
গোঃ—নহয় পদুম, জানিও নাজানা হৈছোঁ।—আজি তোমাৰ মুখৰপৰা যি শুনিলোঁ, যি শিকিলোঁ সি নানা শাস্ত্ৰৰ শিক্ষাতকৈও মূল্যবান।
পঃ—হৈছে বাৰু মোৰ গুণ গাব নালাগে শুনক—এই বুলি শ্লোকটো মাতিলে।
গো—ইয়াৰ ব্যাখ্যা বাৰু আৰু এবাৰ কৰাচোন—তোমাৰ মুখৰ পৰা শুনোঁ।
প—কামেই জ্ঞানী সকলৰ নিত্য শত্ৰু, তাক ভোগ কৰাৰ সময়ত সি সুখ- দায়ক, পৰিণামত দুখদায়ক, এই নিমিত্তে সি নিত্য শত্ৰু। ই দুষ্পুৰ—কোনো মতেই ইয়াৰ পূৰণ নাই (হেপাহ নপলায়)। আৰু ই সন্তাপৰ কাৰণ—গতিকে অগ্নিতুল্য। এই কথাষাৰ ভগবান শ্ৰীকৃষ্ণে অৰ্জ্জুনৰ আগত কৈছিল।
গো—(অলপ নমতাকৈ ৰৈ) তোমাৰ মুখৰ এই অমৃতময় ভাঙনীয়ে যদিও মোক মোহিত কৰিবলৈ খোজে কিন্তু মোৰ হিয়াত লগতে তোমালৈ এটা ঘৃণাৰ ভাব উঠিছে। চোৱা, মই বামুণৰ ঘৰত উপজি পাষণ্ডই হলোঁ, তুমি ইমান শিক্ষিত হৈয়ো কিয় মন বান্ধিব পাৰা নাই।
প—(মিচিকীয়াই হাঁহি মাৰি)আপুনি মোৰ এই সাজ-পাৰ আৰু