সমাজ-কথা |
শ্লোকটি পঢ়ি অলপ ভাবিলে; তাৰ পাছত আকৌ তাকে পঢ়িলে—
এইবাৰ শ্লোকটি পঢ়ি অন্ত কৰিবলৈ নৌ পাওঁতেই দুৱাৰত ঘিটিং
কৰি এটা শব্দ উঠা শুনিলে। পদুমে উলটিচালে আৰু গীতাখান সামৰি
দুৱাৰখান মেলি দেখে যে, দুৱাৰ মুখত গোলাপ থিয় দি আছে। পদুমে
গোলাপক দেখি কলে—“আপুনি ইয়াত নমতা নোবোলাকৈ থিয়হৈ
আছিল যে মোক নামাতিলে কিয়? আহক,ভিতৰলৈ আহক বহক হি।”
গোঃ—নালাগে, মই আৰু যাওঁহে। তোমাক মাত দি যাওঁ বুলিহে
দুৱাৰত শব্দ কৰিছিলোঁ।
প—নহয়, আপুনি আহিবই লাগিব, অথনি আহোঁ বুলিছিল নহয়।
গোঃ—বাৰু বোলা।
এই বুলি ঘৰ সোমাল। পদুমে গোলাপক আদৰ কৰি বহুৱালে আৰু তামোলৰ বাটাটো আগত দিলে।
গোঃ—তামোল আৰু নাখাওঁ—মই যাওঁহে।
পঃ—বাৰু তামোল যদি নাখায় নালাগে—তেতিয়া কি কথা কওঁ বুলিছিল কওক৷
গোঃ—পদুম, তোমাৰ আগত বহুত কথা কওঁ বুলি আহিছিলোঁ, কিন্তু আজি আৰু মোৰ মুখৰপৰা সেইবোৰ কথা নোলায়। মই ইয়ালৈ আহাৰ বহুত সময় হল, কিন্তু তোমাক মাতিবলৈ মোৰ সাহ নহল; ধন্য
তোমাৰ বংশ। ধন্য তোমাৰ পিতৃ-মাতৃ!! তুমি কায়স্থৰ কন্যা