পৃষ্ঠা:সমাজ-কথা.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


এষাৰ কথাৰ বাবে তেনে এজন সামান্য মানুহৰ চাউল মাৰিবলৈ আৰু চিৰকাললৈ তাক ঘুণি কৰিবলৈ মোৰ সত নাযায়। মই ভাবিছোঁ তাক এনেদৰে নিজে শাস্তি দিওঁ যাতে তাৰ স্বভাৱৰ সাল-সলনি ঘটে আৰু সেই শাস্তিকেই যেন উপকাৰ বুলি ভাবি চিৰকাললৈ সি আমাৰ ওচৰত শলাগ লৈ থাকিব পাৰে।

মা—(নম্ৰ ভাৱে) বাৰু, তই তাক কি শাস্তি দিও বুলছ কচোন।

প—সেইবোৰ কথা কলে বহুত সময় যাব, গোলাপ কেতিয়া আহে ঠিক নাই; তুমি আগতে থাকি সকলো দেখিবা—তোমাক যি দৰে থাকিবলৈ দিওঁ সেইদৰে থাকিবা মাথোন। যদি মই দিয়া শাস্তিত তুমি সন্তুষ্ট নোহোৱা তেন্তে ৰাতিপুৱা গৈ ফুকনৰ ওচৰত গোচৰ দিব পাৰিবা।

মা—(অনিচ্ছা ভাৱে) কৰ কি কৰ, মই হলে নাজানোঁ।

প—মাকৰ লগ এৰি লৰালৰিকৈ ঘৰৰ পোলি এটা ভালকৈ সজালে আৰু মাকক কলে “মাই,তুমি আমাৰ শোৱা পোলিত বহি খিৰিকীয়েদি চাই থাকা। এই বুলি কৈয়েই তামোলৰ বটাটো লৈ পীৰা এখানৰ ওচৰত ঢাৰি এখন পাৰি গীতা পঢ়িবলৈ ধৰিলে। পদুমে গীতাৰ শ্লোক মাতিছে আৰু নিজে নিজে তাৰ ভাঙনী কৰি বুজি গৈছে। এইদৰে পঢ়ি থাকোঁতে তালৰ গো শ্লোকটো পালে—

আবৃতং জ্ঞানমেতেন জ্ঞানিনো নিত্য বৈৰীণা।
কামরূপেণ কৌন্তেয় দুস্পুৰেণানলেনচ॥ ৩৯॥ তৃতীয় অধ্যায়

৩০