পৃষ্ঠা:সমাজ-কথা.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 

বুলি আহিছিলোঁ।” তাকে শুনি মই বেজাৰ ভাবে কলোঁ “কি কথা কওঁ বোলে কওক”। তেতিয়া সি কলে “এতিয়া সুবিধা নহব। তুমিয়ে কোৱা মই কেতিয়াকে আহিম?” মই কলোঁ “আপোনাৰ ইচ্ছা।” তেতিয়া সি “তেন্তে মই ৰাতি কিছু হলে আহিম দেই।” বুলি গুচি গল। সি যোৱাৰ পাছত তাৰ কোৱা কথা আৰু তাৰ কথা কোৱাৰ লহৰ ভাবি মই মহা চিন্তাত পৰিলোঁ—কিমান কথা পাঙিলোঁ কিমান ভাঙিলোঁ তাৰ অন্ত নাই। পাছত এটা কথা মনত পৰিল— পিতাদেৱে কৈছিল সি হেনো ব্ৰহ্মাস্ত্ৰ; তাৰে ব্যৱহাৰ কৰি প্ৰমাণ চাবলৈ ঠিক কৰিলোঁ। পাছত তুমি আহিবা আহিবা বুলি ভাবি থাকোঁতে বেলি পৰি আহিল-মোৰো উগুল থুগুল ভাব বাঢ়ি মোক অস্থিৰ কৰি তুলিলে—শেষত জুই ছাই ধৰিবলৈ এৰি, সন্ধ্যাৰ গোসাঁই ঘৰৰ কামো নকৰি তোমাক বিচাৰি ওলাই গৈছিলোঁ। বাৰু মাই,তুমি কোৱাচোন এতিয়া কি কৰা ভাল?

মা—( অলপ নমতাকৈ থাকি) কি সেই কুকুৰৰ পুতেকে তোক তেনে কথা কৈছে! বল, এতিয়াই ফুকনৰ ওচৰত কৈ বেটাৰ আঠুৰ ঘিলা কাঢ়াওঁ। ইমান সাহ! ইমন কলিজা!! বৰা মৰিলেও বৰাণী জীয়াই আছে— বামণ হৈ চন্দ্ৰলৈ হাত মেলে! মইহে যদি হলিৰাম বৰাৰ ঘৈণী হওঁ তাক ইয়াৰ উচিত পুৰস্কাৰ নিশ্চয় দিহে এৰিম।

প—ইমান খং কৰা কিয় আই? বেছি খং উঠিলে মানুহে ধৈৰ্য্য হেৰুৱাই নিজ কৰ্ত্তব্যৰ পৰাও

পিছলি পৰে।

২৮