গাই লৰা জিত কৰিছে। এলেহুৱা তিৰোতাই আকৌ সেই
চলতে নিজৰ শৰীৰটো অলপ পোনাইছে—লৰাই কাঁন্দিছে, মাকে
হলে চকু মেলি চোৱা নাই।
নগৰত আজি ধুমধাম। নাঙলায় নাঙলায় হাগুৰী মুতুৰী সকলোৱে কলপুলি পুতিছে আৰু তাত ভিন ভিন আহিলা-পাতি দি বন্তি লগাইছে—যেন ৰাজকোঁৱৰৰ বিয়াহে। দোকানী মহাজনৰ সাজ- পাৰ অলপ আজি চৰা; ঠায়ে ঠায়ে গীত বাজানাৰো ব্যৱস্থা কৰিছে। নগৰৰ ভিতৰ সোমালে আজি দিন বুলি ভ্ৰম হয়।
এনে সময়ত গুৱাহাটী নগৰত ১৮ বছৰ বয়সীয়া এজনী সুশ্ৰী গাভৰু
ছোৱালীৱে হাতত লাখুটি লৈ অতি নিৰ্ভয় মনে যেন কোনো এটা ডাঙৰ
কাম সাধিবলৈ অতি ব্যগ্ৰ অথচ ধীৰে ধীৰে কিবা এটা বিচাৰি আলি
বাটত ইফাল-সিফাল কৰিছে। তেওঁ এবাৰ থমকিল আৰু মনত কিবা কিবা গুণি
ৰাজ বাটেদি বেগ দিলে। বাটত যেয়ে লাগ পায় সেয়ে চায় কিন্তু
মাতিবলৈ সাহ নাপাই বাট এৰি কাষাৰ হয়। তেওঁ কিছু দূৰ গৈ
এজনী আদহীয়া তিৰোতাক অলপ দূৰত দেখিয়েই—“ অ মাই, ইমান
পৰ তুমি কত আছিলা আহা, ঘৰলৈ যাওঁ।”
মাক—কি আই পদুম, তই অকলে ৰাতি ওলাই আহিলি কিয়? মোৰ
ফুকননীৰ লগত কথা-বাতৰা পাতোঁতে অলপ পলম হল হয় কিন্তু
আহিলোঁ নহয়—ৰাতি তো বেছি হোৱা নাই।
*পদূলি