তাত কিয় বাধা দিব খোজে?”তেতিয়া সেই শহুৰ নামধাৰী পুৰুষে খং কৰি
চাই কলে—“বৰ বেছি কথা নকবা দেই,কাৰ ঘৰত আছা জানিছা, এতিয়া
কাৰ লগত তুমি কথা কৈছা, তেনেই পাহৰিছা নে কি? আৰু বাৰাবাৰি
কৰিলে কাণত ধৰি উলিয়াই দিম।” তেওঁৰ এই কথাত মোৰ খঙে চুলিৰ
আগ পালে। মই জোৰেৰে—“কি কাণত ধৰি উলিয়াই
দিব?” বুলি ভিতৰ চোতাললৈ যাবলৈ ওলালোঁ; এনেতে
ডাঙৰীয়াই কলে—“সাৱধান, মোৰ ভিতৰলৈ যাবৰ কাৰো
অধিকাৰ নাই —অপমান, নিশ্চয় অপমান হব।” মোৰ তেতিয়া
ইমান খং উঠিল, যে মানুহে কথা কলেও মই মোৰ কাণেৰে নুশুনা
হলোঁ, মুখৰপৰা কথা নোলাল; তথাপি অতি কষ্টে “কাৰ অপমান
কৰিবৰ সাহ আছে কৰকহি’’ বুলি কেই খোজমান গলে। তেতিয়া
ডাঙৰীয়াই স্বয়ং উঠি মোৰ বাট ভেটি ধৰিলে, আৰু কবলৈ লাজ লাগে
—“নৰাধম, সৰু মুখত বৰ কথা দেখো তোৰ।” এই বুলি ডবিয়াই
খেদি বাট চৰাৰ দুৱাৰ বন্ধ কৰিলে। মোৰ তেতিয়া কি হৈছিল
কব নোৱাৰোঁ, মুখৰ মাত নোলায়, শৰীৰত তৃণ এডাল
ডাঙিবৰ বল নাই; মই বাট চ’ৰাৰ কাণতে বহি পৰিলোঁ।
কিমান সময়ৰ পাছত মই কব নোৱাৰোঁ, মোৰ অলপ তত চাপিল, মই
বুজিলোঁ মই দৰিদ্ৰ, মই সহায়-সাৰথি হীন, আৰু মই নিৰাশ্ৰয়। মোৰ
একো উপায় নাই। দুলীয়াহঁতক ওচৰলৈ মাতি কলোঁ “মোকে
দোলাত ল”।
পৃষ্ঠা:সমাজ-কথা.djvu/২৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
২৩