“মাইৰ বৰ টান নৰিয়া; সদায় নাউপিতি নাউপিতি কৰি বকি থাকে;
সেই কাৰণে.........৷’’
মোৰ কথাত বাধা দি কলে “সিহঁতক নিবলৈ আহিছা; সেইটো হব
নোৱাৰে; আপীটো তোমাত বিয়া দিলোঁ বুলি সেই গাৱঁলীয়া ভূতৰ
সমাজলৈ পঠাব নোৱাৰোঁ, আৰু যি হে বৰ চৰা কেইটা তুমি বান্ধিছা, মই
ভদ্ৰ সমাজত নাক উলিয়াম কেনেকৈ? তালৈ গলে সিহঁতৰ অসুখো
হব পাৰে। যদি নাউপিতিক চাব খোজে তেন্তে মায়েক লৈ আহা গৈ?”
“তেও উঠিবকে নোৱাৰে কেনেকৈ আনিম!”
“তেন্তে কিছুদিন থাকক, ভাল হলে আহিব। মই কাহানিবাতে তোমাক কৈছিলোঁ—বোলো মায়েক ইয়ালৈ আনা; ইয়াতে থাকিব, তুমিতো নুশুনিলা। বাৰু আছে থাকক, বেমাৰ মানুহৰ হয়, ভাল হব, ভাল হলে আনিবা।” এই হৃদয় শূন্য কথা শুনি মই বৰ অধৈৰ্য্য হলোঁ, আৰু সুধিলোঁ “সঁচাকে আপুনি সিঁহতক নপঠাবনে?” “মই নপঠাও বুলি কৈছোঁ নপঠাওঁ আৰু তুমি নধৰিবাও, তোমালোক লৰা মানুহ নুবুজা, আহিছা ভাল হৈছে, আজিলৈ যোৱা,।” শহুৰৰ এই কথা শুনি কলোঁ “আপুনি অলপ বিবেচনা কৰি কথা কব; মোৰ তিৰী মোৰ ছলি মই মোৰ ঘৰক নিম তাত কোনে বাধা কৰিব পাৰে?” তাকে শুনি তেওঁ কলে—“সঁচানেকি? এই দুদিনতে তোমাৰ গাত ইমান বল হল নে? ইমান তেজ নে বাপা তোমাৰ।’’ তেওঁৰ উত্তৰ সহিব নোৱাৰি
পুনৰ কলোঁ—“মোৰ তিৰী মই মোৰ ঘৰ নিম, সঁচাকে কওক আপুনি