পৃষ্ঠা:সমাজ-কথা.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


লৰা এটিও উপজিল। লৰা ওপোজা খবৰ পাই মোৰ মাতৃদেবীৰ আনন্দৰ সীমা নাই। মই এদিন ঘৰলৈ যোৱাত কলে “বোপা, নাউপিতিৰ মুখখন চাই আহোঁ’’ মই কলোঁ “থাক, মই পৰীক্ষাৰ পাছত সিহঁতক আনিম নহয় ইয়ালৈ৷’’

 মাই এটা দীঘল হুমুনিয়াহ পেলালে, মোৰ হৃদয় কঁপি উঠিল—কিন্তু মোৰ সেই—আশাই নিমিষতে তাক মাৰ নিয়ালে।

 পৰীক্ষা হৈ গল, তাৰ খবৰো ওলাল—মই ২য় বিভাগত পাছ হলোঁ। নাউপিতিক চাবলৈ মাই বৰ ব্যাকুল হল; মই ডাঙৰীয়ানীক এই কথা জনোৱাত তেওঁ কলে—“মায়েক ইয়ালৈ আহিব নোকাৱা কিয়! তাত নো কি সোণৰ সোলংটো ৰখি আছে? ৰাতিয়ে দিনে মোৰ ভাত বাৰ শত্ৰু মিত্ৰে খাইছে, তেওঁ ইয়াত খাবলৈ নেপাবনে? মই-নাউপিতিক পঠাব নোৱাৰোঁ, আৰু হাকিমৰ আগতো মই এনে কথা কব ও নোৱাৰোঁ।’’ মোৰ সৰগ ভাঙি মূৰত পৰিল—তেতিয়া মনত পৰিল মাইৰ সেই চকুৰপাণী, মনত পৰিল সেই হুমুনিয়াহ; মই কান্দি পেলালোঁ। তাকে দেখি ডাঙৰীয়াণীয়ে তাচ্ছিল্যভাবে কলে;—“তোমাক মাৰিলে কোনে? পেমাইছ কিয়? মোৰ হলে দেউ এইবোৰ কথা ভাল নালাগে’’ ডাঙৰীয়াণী এই দৰে কৈ তাৰপৰা গুচি গল। মোৰ তেতিয়া মনত পৰিল—সেই উকীল হোৱা কথা, বৰ খং উঠিল; আৰু উকীল হোৱা আশা সেই দিনাই জলাঞ্জলি দি মোৰ জুপুৰী ঘৰলৈ আহিলোঁ। কিন্তু মোৰ মনৰ বেদনা কাকো নকলোঁ। আহি পাওঁতে মাই সুধিলে “বাপা, নাউপিতি ভালে আছে?’’ মই উত্তৰ দিলোঁ—“আছে।’’

 
২০