পৃষ্ঠা:সমাজ-কথা.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


প্ৰকাশ কৰিব নোৱাৰি, হৃদয় তেওঁৰ বৰ সৰু; তেওঁ অহঙ্কাৰ দুৰ্য্যোধনতকৈ বেছি নহলেও কম নহয়। মোক আপোনালোকে কন্যাদাতা গুৰুক নিন্দা কৰা বুলি ভাবিছে, ভাবক মই হলে নিন্দা কৰা নাই, তেওঁৰ কথাহে কৈছোঁ, মোৰ হৃদয়ৰ যন্ত্ৰনা কিছু পৰিমাণে উপশম কৰিবলৈ চেষ্টাহে কৰিছোঁ। তেওঁ মোৰ উপকাৰ কৰিছে সঁচা কিন্তু হায় সেই ঋণ যদি মোৰ জীৱন দিলে পৰিশোধ হলহেঁতেন তেন্তে ততালিকে সেই গুৰু ভাৰৰ পৰা মুক্ত হৈ কলোঁহেঁতেন “তোমাৰ লগত মোৰ একে সম্বন্ধ নাই।”

 মই সাধাৰণ গাঁৱলীয়া মানুহৰ লৰা, মোৰ ঘৰৰ অৱস্থাৰ কথা আগেয়ে কৈছোঁ। শহুৰ ডাঙৰ মানুহ, মই তেওঁৰ একমাত্ৰ জোঁৱাই। “জোঁৱাই’’ এই শব্দটো উচ্চাৰণ কৰিলেও আজি মোৰ হৃদয় কঁপি উঠে, ইয়াকে বোলে “দিল্লীকা লাড্ডু” মই এতিয়া পোষ্টাইছোঁ। বাৰু সেইবোৰ কথা এৰি দিওঁ। বিয়াৰ দিন চেৰেক পাছতেই ডাঙৰীয়াই মোক কলে;— “ইয়াৰেপৰা কলেজলৈ যাবা; মোৰ যিখান মটৰকাৰ আৰু তাৰেই তুমি যোৱা-অহা কৰিবা।” পাঠক, ডাঙৰীয়াৰ জীয়েকৰ কথা বোধ কৰোঁ আপোনালোকে বুজিছে; তেওঁ ডাঙৰীয়াৰ ঘৰতেই থাকিল—মোক জুপুৰী ঘৰলৈ পঠাবলৈ ডাঙৰীয়া অসন্মত হল। তেতিয়া জীয়েকৰ বয়স তেৰ নিবিৰি চৈধ্যত সোমাইছে; ময়ো তেতিয়া বৰ বেয়া নাপালো, আৰু মনতে ভাবিলোঁ বৰ মানুহৰ জীয়াৰী, কি জানি ভাঙা-ছিঙা ঘৰ দেখি হাঁহে, বাৰু থাওক, পাছ-বিয়াৰ সময়ত ঘৰ-দুৱাৰ ভাল কৰি নিম।

 
১৭