মোৰ পৰিচয় সকলো খিনি আপোনালোক দিলোঁ, বাকী আছে
মোৰ পিতাৰ নাম। পিতাৰ কথা মই নকওঁ; ঢকাৰ বাপেকৰ চিনাকি
দিবৰ অধিকাৰ নাই। শহুৰৰ কথা, তাকো মই নকওঁ; অৱশ্যে কথা-
প্ৰসঙ্গত দুই এক আষাৰ ওলাব পাৰে কিন্তু নামটো হলে আপোনা
লোকক কাবৌ কৰিছোঁ–আপোনা লোকে নধৰিব। তেওঁৰ বংশৰ নাম
ধামো মই নকওঁ, অৱশ্যে দুটা এটা গুণৰ কথা কম; তাতেই আপোনা
লোকৰ ভোক পিয়াহ দূৰ হব।
মই বৃত্তি নোপোৱা কথা যেতিয়া জনাজাত হল তেতিয়া এজন চুলি পকা ডাঙৰীয়াই সাজ বেলিকা বোৰ্ডিঙলৈ আহি মোৰ লগত কথা বাতৰা পাতিলে আৰু মোৰ মানসিক কষ্টত সহানুভূতি প্ৰকাশ কৰি তেওঁ বি, এল, পাছ কৰালৈ খৰচ যোগাবলৈ গাত ললে। মই প্ৰথমতে অচৰিত হলোঁ কিন্তু পাছত অনুমান কৰিলোঁ অৱশ্যে ইয়াৰ কিবা এটা গুঢ় ৰহস্য আছে। দুই এমাহৰ পাছতেই আচল কথা ওলাল—মোৰ মনৰ ভাব বুজিয়ে নে নুবুজিয়েই কব নোৱাৰোঁ মোৰ সেই দুখুনী গৰ্ভধাৰিণীয়েও বিয়াত সম্মতি দিলে। চুলি পকাই মাতৃক আনিলে আৰু নগৰতে বৰ ধাম ধুমেৰে তেওঁৰ জীয়েকৰ লগত মোৰ শুভ-বিবাহ সম্পন্ন কৰিলে।
শহুৰ বৰ ডাঙৰ মানুহ, তেওঁৰ ধন জন একোৰে অভাব নাই, অভাব পুত্ৰৰ। পুত্ৰ যে নাই এনেও নহয়, পুত্ৰ আছে, কিন্তু ‘বড়লোকৰ পুত্ৰ’। শহুৰ ৰেলৰ অফিচত বৰ ডাঙৰ চাকৰি কৰে। চৰকাৰৰ ওচৰত তেওঁৰ বৰ
খাটিৰ, বৰ সন্মান। তেওঁ সৰু যে কিমান তাক ভাষাৰে