আনি তেওঁৰ আগত বহুৱাই দিলে। গোসাঁই বাপাটোলৈ কিছু পৰ চাই
থাকি কবলৈ ধৰিলে, “এই পোনাটিয়েই মোৰ ৰামৰ ছবি; হায় মোৰ
সোণ, তোমাৰ ভবিষ্যৎ অৱস্থা!” বুলি গোসাঁই নিমাত হল। বহু
পৰলৈ তেওঁৰ মাত নাছিল, পাছত লাহে লাহে মোক সুধিলে, “আই,
তুমি কেতিয়া আহিলা!” মই উত্তৰ দিলোঁ;—“আপুনি নগাৱঁৰপৰা
অহাৰ দিনা ৰাতিয়েই আহিলোঁ।” “তুমি লগ পাইছিলা? “মাত শুনি-
বলৈ নাপালোঁ প্ৰভু?” গোসাঁই আকৌ নিমাত হ’ল। কিছু পৰৰ
মূৰত আকৌ সুধিলে;—“আই, তোমাক পিতাৰাই পঠিয়াইছেনে?”
“প্ৰভু, আপোনাৰ ওচৰত কিহৰ লাজ; মই আহিনী বাইক লগত লৈ পলাই আহিছোঁ।”
“আই, তুমি ইমান কষ্ট কৰি ইয়াত কেনেকে থাকিবা?” “ময়ো, আপোনালোকৰ লগত যাম প্ৰভু!”
“ৰাম ৰাম, পোনাটিৰ, মোৰ ৰামৰ ছবিটিৰ অৱস্থা কি হব?” বুলি গোসাঁই আকৌ নিমাত হল। কিছু পৰৰ পাছত কবলৈ ধৰিলে;— “পৃথিবীত যি দুদিন মানুহ থাকে, সেই কেই দিনৰ কৰিব লগীয়া নকৰিলে পাপ। এতেকে পোনাটিক তুমি ডাঙৰ কৰা; তুমি তোমাৰ পিতাৰৰ ঘৰলৈ যাবা; ইয়াত বৰ কষ্ট পাবা।”
তাকে শুনি মই কলো, “প্ৰভু, আহিনীয়ে মাধৱক তোলক; প্ৰাৰ্থনা কৰোঁ পিতাৰ ঘৰলৈ যাবলৈ মোক আদেশ নকৰিব। এই
জনমত মই সেই ফালে মুখ নিদিম বুলি কিৰা কাঢ়ি আহিছোঁ। মোকো