ওচৰত থিয় হলোঁ। মোক দেখি আহিনী ততালিকে বেমাৰীৰ ওচৰৰ
পৰা উঠি মোক বহুৱালে, মোৰ চুলি বান্ধি দিলে আৰু আগুৰাণখন
টানি মোৰ মূৰত দি কলে;—আই, এইজনা তোমাৰ শহুৰ; কালি
আমাৰ ঘৰৰপৰা আহিবৰেপৰা জ্বৰ; আজি গাত তত নাই।” গোটাই
ৰাতিটো আমি তাতে বহি ৰলোঁ, ৰাতি পুৱাৰ সময়ত বেমাৰীৰ অলপ
তত চাপিল; বেমাৰী নিজে নিজে কবলৈ ধৰিলে; —“উস্ কি কুক্ষণত
মই নগাঁৱলৈ গৈছিলোঁ। গৈছিলোঁ কৰিলেই বা মোক অপমান, মই
কলোঁ কিয়? ৰাম তুমি গলা, তোমাৰ পাষাণ্ড পিতাক তোমাৰ শোক-
যন্ত্ৰণাকে সম্বল দিলা নে কি?”
এনেতে মই তেওঁৰ চৰণত ধৰি সেৱা কৰিলোঁ; আহিনীয়ে কলে;— “আপোনাৰ বোৱাৰীয়ে সেৱা জনাইছে?” বোৱাৰী শব্দ শুনিয়েই যেন গোসাঁইৰ খং উঠিল আৰু কবলৈ ধৰিলে;—“কি কোৱা, মোৰ বোৱাৰী! অদৃষ্টত মোৰ বোৱাৰী নঘটিল, নহলে মোৰ সোণাই অন্তিমত এনে দুঃসহ যন্ত্ৰণা ভোগ কৰি যাব নালাগিলহেঁতেন। কোন বোৱাৰীৰ কথা কৈছা তুমি? আৰু তুমি কোন? “আপোনাৰ বোৱাৰী মেনেজৰৰ জীয়েক; আৰু বান্দী তেওঁৰেই দাসী।” বুলি আহিনীয়ে কোৱাত তেওঁ উত্তৰ দিলে, “বহুত পলম হল, বহুত পলম!” মই তেতিয়া লাজ ভয় কাটি কৰি কবলৈ ধৰিলোঁ;—“প্ৰভু মোৰ গাত অপৰাধ নাই, আপুনি ক্ষমা কৰক।” “ক্ষমা মই কেতিয়াতে কৰিলোঁ—পোনাটি ক’ত?” তেওঁ
সোধাত মই বিবুদ্ধি হলোঁ। আহিনীয়ে লৰালৰিকৈ তাক ক'ৰবাৰপৰা