পৃষ্ঠা:সমাজ-কথা.djvu/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


মাৰি ধৰি কবলৈ ধৰিলোঁ;—“প্ৰভু, এবাৰ অভাগীৰ মুখলৈ চাওক; আপোনাৰ দাসীয়ে বাপাটোক লৈ আহিছে; প্ৰভু, কৃপা কৰি এবাৰ দুৰ্ভাগিনীৰ মুখলৈ চাওক। মই সকলো এৰি আহিছোঁ, কথা এষাৰ কওক প্ৰভু!”

 মোক তেতিয়া কেইজন মান মানুহে তাৰপৰা টানি নি বহুৱালে; এজনী তিৰোতাই কলে;—“হায়! গধূলি সময়ত যদি আহিলাহেঁতেন। দেহি ঐ, ৰামে ‘বাপাটো' ‘বাপাটো' কৰি প্ৰাণ এৰিলে।” “বাপাটো, বাপাটো” এই দুটি শব্দত কোনে কি সানিলে কব নোৱাৰোঁ; শব্দ দুটা মোৰ অন্তৰত পৰিয়েই পুৰিব ধৰিলে, তালুৰপৰা ভৰিলৈকে গাৰ পোৰণি উঠিল; ৰৈ ৰৈ অন্তৰত ৰাজিব ধৰিলে,—“বাপটো, বাপাটো।” মই থিৰে ৰব নোৱাৰি মাটিত পৰিলো। সেইদৰে কিমান সময় আছিলোঁ মোৰ মনত নপৰে; যেতিয়া সাৰ পাওঁ দেখোঁ, আন্ধাৰ; অনুমান কৰোঁ মই এখন ফটা ছিটা মলিন বিছনাৰ ওপৰত আছোঁ, ওচৰত চাওঁ—বাপাটোও নাই।

 তেতিয়া মোৰ সকলো কথা মনত পৰিল; মই দৌৰি চোতাললৈ গলোঁ; দেখোঁ তাত কেইডাল মান জেং আছে; তেতিয়া মোৰ বুজিবৰ একো বাকী নেথাকিল। মই কিং কৰ্ত্তব্য বিমূঢ় হৈ অলপ থিয়হৈ আছোঁ, এনেতে এটা ঘৰৰপৰা ৰোগীৰ অফুট শব্দ দুটামান মোৰ কাণত পৰিল; মই ভাবিলোঁ—এয়ে মোৰ প্ৰাণৰ দেৱতা। গৈ প্ৰথমে

জুমি চালোঁ—কিন্তু বুজিব নোৱাৰিলোঁ। ভিতৰলৈ গৈ বেমাৰীৰ