ৰাতি যাম বুলি ঘৰৰপৰা পলাই আহিলোঁ; মনৰ আবেগত প্ৰায় ছমাইল
মান বাট গৈ আহনীক কলোঁ;—বাই, মোৰ ভৰিৰ তলুৱা দুখন ফুটি
যাঁও ফুটি যাওঁ কৰিছে; আৰু যে মই খোজ কাঢ়িব নোৱাৰোঁ।?”
আহিনীয়ে ক'লেঃ—মই আগেয়ে কৈছিলোঁ নহয়; এতিয়া মই কি
কৰিম! বলা যাবই লাগিব, নহলে আমাৰ অমঙ্গল হব পাৰে।”
ময়ো ভাবিলোঁ কষ্ট, কষ্ট কিহৰ? যাৰ অপমানৰ নিমিত্তে এই জীৱন বিসৰ্জ্জন কৰিবলৈ ওলাইছিলোঁ, তেওঁৰ চৰণ দৰ্শনৰ বাবে মই এতিয়া কষ্ট বোধ কৰিছোঁ। এনে কথা মনত খেলাওঁতেই ক’ৰপৰা মোৰ গাত বল হ'ল কব নোৱোৰোঁ, তেতিয়া মই থিয় দিলোঁ, আৰু আগতকৈও বেগেৰে খোজ ধৰিলোঁ।” আহিনীয়ে মোৰ খোজ দেখি আচৰিত হ'ল, আৰু অলপ লাহে লাহে যাবলৈ অনুৰোধ কৰিলে।
পূব আকাশত পোহৰ দেখা গ'ল, আকাশ মুকলি। আলি বাটৰ দুই দাতিৰ গছ-লতাবোৰে যেন মোক মূৰ জোকাৰি জোকাৰি কবলৈ ধৰিলে,—“গৰবিনি তোৰ কপালত দুবৰী গজিল, কলৈ যা।” চৰাই চিৰকতিবোৰেও যেন বিভু-গান এৰি মোকেই ঠাট্টা কৰিবলৈ ধৰিলে। এনেতে পুৰণীগুদাম পালোঁ; আহিনীয়ে মোক এখন ঘৰত সুমুৱালে। ভিতৰ সোমাই চাই দেখোঁ..... সকলো শেষ। মোৰ প্ৰাণৰ দেৱতাক চোতালৰ এদাঁতিত শুৱাই থৈছে, আৰু ওচৰ চুবুৰীয়াসকলে মিলি শ্মশানলৈ যোৱাৰ কাৰবৰ কৰিছে। মই স্থিৰে ৰব নোৱাৰাত পৰিলোঁ।
বাপাটোক আহিণীৰ হাতৰপৰা আনি মই তেওঁৰ চৰণ দুখানিত সাৱট