পৃষ্ঠা:সমাজ-কথা.djvu/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


পদ-ধূলি শিৰত লবলৈ নাপালোঁ। থাওক তাত লগ পাম, যত সংসাৰৰ স্বাৰ্থপৰ মৰম স্নেহে আমাক পৰ্শিব নোৱাৰিব। বাই, তোমাক মই কাবৌ কৰিছোঁ, আজিলৈ তুমি আন ঘৰত শোৱাগৈ। অ’ পাহৰিলোঁ বাই, তুমি মোক ক্ষমা কৰিবা, মই তোমাৰ ওচৰত বহুত দোষৰ দোষী।”

 “আই অধীৰ নহবা” মই এটা ইয়াৰ বুধি পাইছোঁ— সকলো হব; খোজ কাঢ়িব পাৰিবা?”

 “যি অপমানৰ নাম শুনি প্ৰাণ বিসৰ্জ্জন দিবলৈ কৃতসঙ্কল্প তাকে আকৌ সুধিছা—খোজ কাঢ়িব পাৰিবা? কিন্তু কথা এটা বাই, মই দুৰ্ভাগিনী, এই জনমত তোমাক পাৰিলোঁ মানে কষ্ট দিলোঁ; তাৰ ধাৰ শুজিবলৈ কিমান বাৰ জনম ধৰিব লাগিব কব নোৱাৰোঁ, এনে স্থলত তুমি আৰু অভাগিনীৰ লগত দেই পুৰি নমৰিবা; মই তোমাৰ চৰণত ধৰি মাতিছোঁ, মোৰ এই শেষ অনুৰোধ ৰাখা বাইটি।”

 “তুমি সেইবোৰ কথা একো নকবা; মই এতিয়া বুঢ়ী, সংসাৰত চলিবলৈ তুমি মোক শিকাব নালাগে; মাথোন মই তোমাক যি কওঁ তাকে তুমি কৰাঁ— তোমাৰ সকলো মঙ্গল হব নিশ্চয়।”

 তেতিয়া ৰাতি দোভাগ ডাল দি গৈছে, আহিনীয়ে নোমৰ কাপোৰ এখনেৰে বাপাটোক মেৰ দি লৈ মোক কলে;—“আই, মোৰ পাছে পাছে আহি থাকা।”

 আহিনীক আগত লৈ উপাস্য দেৱৰ উদ্দশ্যে ওলালোঁ। ঘৰৰপৰা

বাজ ওলোৱ আজিয়েই মোৰ প্ৰথম; আৰু পোনতেই দহ মাইল বাট ৰাতি