পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
চতুৰ্থ পৰ্ণ

ব’লি আহি তাৰ মৃত্যু যন্ত্ৰণা শীতলাই পেলায়। জননীৰ কোলাত মৃত্যুৰ বিকট বিভীষিকা হেৰাই যায়। মৃত্যুৰ পাচতে৷ সি হয়তো দেখে—সেইখনি বিশ্ব জননীৰ কোমল কোলা। সি মা বুলি যি বিচাৰিছিল, তাকে পালে,—তাৰ কি শান্তি!

 ভগৱান কৃষ্ণৰ সাকাৰ মূৰ্ত্তিৰ আগত যদি প্ৰাৰ্থনাকে কৰা হয়—“প্ৰভো, মোৰ ভৱ-বন্ধন ছিঙ্গি দিয়া,”—তেনে তাত আৰু সন্দেহ কৰিলে নচলিব—তুমি ওপজাৰ দিনা কংস কাৰাগাৰৰ লোহাৰ কবাট কেটাকে মনে মনে খুলি দিব নোৱাৰিলা, মোৰ কাৰ্য। কাৰণৰ সূত্ৰেৰে বজ্ৰৰ বান্ধোন যেন নিকপ কপীয়া ভৱৰ বান্ধোন খুলিব পাৰিবা জানো!—মুখেৰে ভগবানক যদি সৰ্ব্বশক্তিমান বুলি মনেৰে ভাবিবলৈ হল—তুমি নো গোবৰ্দ্ধন পৰ্ব্বতটো ডাঙ্গি লব পাৰিছিলা নে?—তেনে সেই উপাসনা যে উপাসনা নহয়। কবাট খোল খালেই বা নেখালে, গোবৰ্দ্ধন উঠিলেই বা নুঠিলে—ভক্তই প্ৰাণেৰে বিশ্বাস কৰে ভগবান কৃষ্ণৰ অসাধ্য একো নাই,—তেওঁ সৰ্ব্বশক্তিমান! উপাসনাত ভক্তই বিচাৰ নকৰে, নিজৰ হৃদয় ঢালি দিয়ে। ভগবান আমাৰ অন্তৰে বাহিৰে পোৱা হৈয়েই আছে। আমি আমাৰ মন প্ৰাণ অন্যলৈ দি ভগবানলৈ নিদিওঁ গুণেই আমাৰ ভগবানেৰে মিলা নহয়, ভগবানক পোৱা নহয়। ভগবানলৈ নিজক দি দিয়াই সকলো উপাসনাৰ শেষ উদ্দেশ্য। এই বিশ্বাসেৰে ব্ৰজবিহাৰী গোপালৰ