মাজে, ৰূপকথাৰ মাজে—ভাবে আবেগে শক্তিয়ে ৰূপ ধৰি ধৰি ভক্তৰ মুখেদি প্ৰেমেৰে প্ৰকাশ পায়। ভক্তই দেখে, প্ৰত্যক্ষে দেখে,—আধ্যাত্মিক জগতৰ যি একোটি তত্ত্ব, সেয়ে নিজ নিজ ভাবৰ অনুৰূপে দেৱতা আৰু অসুৰ হৈ আধিদৈবিক জগতত লীলা কৰি ফুৰে, আৰু এই দেৱতা আৰু অসুৰৰ আবেশ বা ৰূপান্তৰেই আধিভৌতিক জগতত স্থূল ৰক্ত মাংসৰ শৰীৰেৰে সকলোৰে চকুত পৰাকৈ একো একোটি ঘটনাত ফুটি পৰে। তেতিয়া আৰু বুজিবলৈ বাকী নেথাকে—কংস প্ৰমুখ্যে অসুৰ বিলাকেই যে সৃষ্টিৰ গতিত বাধা ওপজোৱা এক আসুৰ শক্তিৰ বিকৰ্ষণ বা তামসিক টান, আৰু কৃষ্ণই যে সৃষ্টি গতিৰ বাধা গুচাই নিয়াৰিকৈ চলাই নিয়া এক দৈব শক্তিৰ আকৰ্ষণ বা সাত্ত্বিক টান। কৃষ্ণ শক্তিত বাধা দিয়া ব্ৰজলীলাৰ আস্থৰ শক্তিৰ সমষ্টি ললে দেখা যায়,—কংসই তাৰ প্ৰধান কেন্দ্ৰ, পূতনা তৃণাবৰ্ত্ত আদি চৰিত্ৰবিলাক সেই শক্তিৰে একো একোটি ঢৌ বা প্ৰেৰিত অনুচৰ! ভক্তৰ বিশ্বাসত, ভক্তৰ অন্তৰ্দৃষ্টিত কৃষ্ণ তেতিয়া মানবেই নহয়,—কৃষ্ণ আধ্যাত্মিক জগতৰ কূটস্থ তত্ত্ব, আধিদৈবিক জগতৰ ভগৱানৰ অৱতাৰ, আৰু আধিভৌতিক জগতৰ নন্দৰ কানাই কৃষ্ণ; পূতনা তেতিয়া ভাব ধাৰাৰ পৰ৷ বিচ্ছিন্ন হৈ যোৱা এক “শিশুমাৰক ৰোগ” নহয়,—পূতনা আধ্যাত্মিক জগতৰ এক তামসিক তত্ত্ব, আধিদৈবিক জগতৰ কামৰূপা ৰাক্ষসী, আৰু আধিভৌতিক জগতৰ কংসৰ
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৯৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
চতুৰ্থ পৰ্ণ