পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
চতুৰ্থ পৰ্ণ

সুপ্ৰকাশ শ্ৰীকৃষ্ণক অন্তৰৰো অন্তৰৰ অনুভূতিৰ ৰাজ্যৰ পৰা মনৰ ৰাজলৈ টানি আনি চোৱা যেনে আত্মাক শৰীৰ বুলি চাব খোজাও তেনে। ভাৰতৰ প্ৰাণৰে৷ প্ৰাণৰ কথাটি কৃষ্ণ- প্ৰাণা গোপিনীসকলে ৰাসমণ্ডলত কেনেকৈ এদিন৷ গাই গ’ল—“ন খলু গোপিকানন্দনো ভবানখিলদেহিনামন্তৰাত্মদৃক্।”—সখি, তুমিতো গোপনাৰীৰ নন্দন নোহোৱা,— তুমি যে সকলো প্ৰাণীৰ অন্তৰ্য্যামী!—সেই হে ভাৰতে ইতিহাসৰ ভেটিত থাপনা নেপাতি হৃদয়ৰ কৃষ্ণৰ থাপনা পাতিছে হৃদয়ত।

 কৃষ্ণক এবাৰ হৃদয়ত থাপি লোৱা মানে অৰূপৰ ৰূপেৰে হৃদয়ত অনুভৱ কৰা—অন্তচক্ষুৰে দৰ্শন কৰা—নিৰাকাৰক সাকাৰ ৰূপেৰে উপাসনা কৰা। মোহাবিষ্ট অৰ্জ্জুনলৈ ৰূপৰ যিটি অৰূপ তাৰো ৰূপ লাগে—আদৰ্শৰ বিশ্বৰূপ লাগে—কৃষ্ণত শ্ৰীকৃষ্ণৰ দৰ্শন লাগে; নহলে আদৰ্শত আত্মসমৰ্পণ হয় কেনেকৈ? ধ্যানৰ বেলিকা, উপাসনাৰ বেলিকা ভগবানে দয়া কৰি দিব্য দৃষ্টি দিলে, অৰূপ চিন্তাই আপোনাআপুনি তদনুৰূপ প্ৰতিমাৰ ৰূপ লৈ, প্ৰতীকৰ আভাস লৈ আমাৰ প্ৰাণৰ মাজত জলি পৰেহি। তেতিয়া শব্দেৰে যি নিৰাকাৰ নিৰঞ্জন নাম সেয়ে ৰূপেৰে বিশ্বৰূপৰ সৌম্য প্ৰতিমা হৈ জিলিকি উঠে। ভাব, আবেগ আৰু শক্তিৰ অমূৰ্ত্ত গুণ একোটিৰো অৰূপৰ ৰূপ জাগি যায়। প্ৰতীকেই হওক, প্ৰতিমাই হওক, অথবা দৰ্শনৰ কোনো আভাসেই হওক, ধ্যান জগতত ধ্যান ধাৰণাৰ বিন্দু স্বৰূপে সি যে অপৰিহাৰ্য্য, সি যে নিত্য