গতিৰে। প্ৰথমে আমাৰ চকুত পৰে বাস্তৱ সত্য। সূক্ষ্ম সম্ভাৱনাৰ মাজে দি অধ্যাত্ম সত্যলৈ আমাৰ দৃষ্টি কমেই হে যায়। বাস্তৱ সত্য, ইতিহাস বিজ্ঞানৰ সত্য লৈয়ে আমাৰ অনৰ্থক বাচ্যাবাচ্যি। আমি পাহৰি যাওঁ—স্থুল বাস্তৱ সত্যত বাজেও সূক্ষ্ম সম্ভাৱনাৰ সত্য, আৰু তাৰ পাচত অধ্যাত্ম সত্যও যে আছে।
মৃত্যুৰ সিপাৰেও প্ৰেমানন্দৰ পৰশ দিবলৈ কৃষ্ণ আমাৰ ৰাতি দিন জাগি আছে। মন্দিৰে মন্দিৰে অখণ্ড প্ৰদীপ জ্বলি থকাদি পুৰুষে পুৰুষে হিয়াৰ তেলেৰে কৃষ্ণৰ জ্ঞানময় প্ৰদীপ জ্বলিয়েই আছে। কৃষ্ণৰ হাঁহিটি আছে গুণেই ঘনে ঘনে ইমান অত্যাচাৰ ইমান প্ৰবল আক্ৰমণতো ভাৰত আজি তললৈ যোৱা নাই।—ভাৰতৰ সোমনাথ!—চিতাৰ ক্ৰব্যাদ অগ্নিৰ ভীষণ তাপত শ্যামসুন্দৰ শ্ৰীকৃষ্ণৰ সুঠাম শৰীৰটি চিৰদিনলৈ য’ত ছাই হৈ গল,—সেই সোমনাথ! গোলোকলৈ গতি কৰাৰ আগতে য’ত নিঠুৰ প্ৰাণহন্তা জড়া ব্যাধক হাঁহি হাঁহি অগতিৰ গতিয়ে আমাৰ, গতি দি গৈছিল, সেই সোমনাথ!!—সেই সোমনাথ কতবাৰ বিজয়ীৰ জয়গৰ্ব্বত ছাৰখাৰ হ'ল। তেওঁচো কালৰ ধ্বংস লীলা তুচ্ছ কৰি চিৰজীবী কৃষ্ণৰ মধুৰ মুৰলী আজিও ভাৰত জুৰি বাজিব লাগিছে।
এক কৃষ্ণকে কতই কত ভাবেৰে নেচায়! কংসৰ ধনুৰ্যজ্ঞত সগৌৰবে প্ৰবেশ কৰোতে বিভিন্ন ভাবৰ লোক মণ্ডলীয়ে