পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
চতুৰ্থ পৰ্ণ

 ইয়াত বাজেও কৃষ্ণক প্ৰকাশ্যে ইতিহাসলৈ অনাৰ আৰু যদি কিব৷ অপ্ৰকাশ্য যুক্তি আছে থাকক। অকল ইতিহাসৰ কৃষ্ণই ভাৰতৰ কৃষ্ণ নহয়। ভাৰতৰ কৃষ্ণ তাতোকৈ বেচি, তাতোকৈ উচ্চ, তাতোকৈ মহান্! ভাৰতৰ কৃষ্ণ কোনো স্বীকাৰ্য্যৰ প্ৰশ্ন বা প্ৰতিপাদনীয় পদাৰ্থ নহয়; ভাৰতৰ কৃষ্ণ জীৱন্ত জাতিগত সংস্কাৰ,—সহজ জান আৰু অন্তৰ্দশনৰ আভাস,—প্ৰেমিক হৃদয়ৰ সৌম্যদৰ্শন,—আনন্দৰ অতি উচ্চতম অনুভূতি!—ভাৰতৰ কৃষ্ণ আৰ্য্য সংস্কৃতিৰ অধিষ্ঠাত্ৰী দেৱতা,—অন্তৰেদ্ৰিয়ৰ সাধনাৰ ধন,—আধ্যাত্মিক জগতৰ উজ্জ্বল সবিতা,—বিশ্ববিবৰ্ত্তনৰ প্ৰাণৰ প্ৰেৰণা,—কৃষ্ণ মূৰ্ত্তিৰ অন্তৰালত জিলিকি থকা বিশ্বৰূপৰ ত্ৰিভঙ্গভঙ্গিম শ্যামসুন্দৰ মূৰ্ত্তি,—যাৰ জনম নাই, মৰণ নাই,—নিতে নিতে ভাৰতৰ কদম্ব-মূলত সুললিত সুৰেৰে মধুৰ মুৰলী বজাব লাগিছে। প্ৰেমৰ ৰাজ্যত ভক্তিৰ ৰাজ্যত ভাৰতৰ কৃষ্ণ আজিও জীয়াই আছে, কথা কৈছে, উত্তৰ দিছে! ইতিহাসৰ কৃষ্ণ চলিল, অন্ত হ’ল! প্ৰাণেৰে, প্ৰেমেৰে চালে অন্তৰ্দৃষ্টিত জিলিকি পৰিব কৃষ্ণৰ যিটি অৰূপ, সেই অৰূপৰ ৰূপদৰ্শন! সেই হে কব খোজোঁ, ঐতিহাসিক যুক্তিৰে ভাৰতৰ কৃষ্ণক বুজিব নোৱাৰি; বুজিব লাগিব অন্তৰৰ অকপট সাধনাৰে, চাব লাগিব ভক্তৰ চকুৰে। ভক্তই চায় ভগবানৰ চকুৰে—প্ৰথমে দেখে অধ্যাত্ম সত্য, পাচত দেখে সূক্ষ্ম সম্ভাৱনাৰ সত্য, তাৰ পাচত স্থূল বাস্তৱৰ সত্য। আমি অভক্তই চাওঁ ওলোটা