পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
সপ্তপৰ্ণ

আজিও কৃষ্ণ জীয়াই আছে, সেই মহাভাৰত, সেই পুৰাণে আজিও কৃষ্ণকথা কবই লাগিছে,—সিমানতো, সিবিলাকৰ মন যোগাবলৈ বুলি যদি কৃষ্ণৰ অস্তিত্ব প্ৰমাণ কৰিবৰ মনেৰে এখনি নতুন ইতিহাস যুগুত কৰা হয়, সিবিলাকৰ যুক্তি মতেই তিনি চাৰি হেজাৰ বছৰৰ পাচত লিখা গুণেই সেই ইতিহাসো যে প্ৰামাণ্য গ্ৰন্থ বুলি গ্ৰাহ্য নহব।

 “অইন কথালৈ নগৈ শ্ৰীগীতাৰ সকলো ধৰ্ম্ম কৰ্ম্মৰ অভাবনীয় সমন্বয়লৈ চালেই তাৰ অন্তৰালত যে এক অদ্বিতীয় প্ৰতিভাৰ অসাধাৰণ ক্ৰিয়া লুকাই আছে, এই কথাটি অস্বীকাৰ কৰে কোনে? এই অলৌকিক প্ৰতিভাৰ নাম দি ললোৱেই জানিবা শ্ৰীকৃষ্ণ, তাত কাৰ কেনি কি দায় লাগিল। আমি নাম দি ললেই তেনে হেন প্ৰতিভাৰ সত্ত্বা উৰি নেযায়।

 কৃষ্ণৰ পৰিত্ৰাণ সম্বন্ধে ধৰি ললেই হয় কৃষ্ণই আমাক যি পৰিত্ৰাণ দিয়ে, সেই পৰিত্ৰাণ দি হে তেওঁ পৰিত্ৰাণ পায়। তেনে চৰিত্ৰৰ কাৰণেই তেওঁ আমাৰ ভগবান। পৰিত্ৰাণ পালে হে পৰিত্ৰাণ দিব পাৰে এনে এজনা ভগবানো যদি আছে সেই জনা ভাৰতৰ নহয়। চুম্বকে লোহাক আকৰ্ষণ কৰে নে নকৰে, কেনেকৈ বা কৰে সেই কথা অইন ধাতুৱে বুজে কেনেকৈ? কৃষ্ণ-ভক্তিৰ লোহা এফেৰি লগাই নললে কৃষ্ণৰ টান বা পৰিত্ৰাণৰ কথা বুজা নেযায়! মুখৰ কথাত ঢেৰুৱা ঠাৰি নিসিজে।