জাগ্ৰত কৰি কৰ্ম্মৰ আসক্তি বিহীন বিধানেৰে মধুৰ সংসাৰ ৰচনা কৰা।
কৃষ্ণক ইতিহাসলৈ অন৷ যি চেষ্টা চলিব লাগিছে, খুব সম্ভৱতঃ তাৰ মূলত নকলেও লুকাই আছে—লোকভয়,
লোকে কি বোলাৰ লাজ! লোকভয় বা লোকলাজ কৃষ্ণ সাধনাৰ অন্তৰায়! লোকে কি বোলালৈ মন দিয়া হলে ৰাধাই কৃষ্ণক নেপালেহেঁতেন। পচিমৰ কত বিদ্বান, কত ধৰ্ম্মপ্ৰচাৰকে কৃষ্ণৰ কত কথা নকয়,—কৃষ্ণৰ ঐতিহাসিক সত্ত্বা নাই,—কৃষ্ণ এক কাল্পনিক তথ্য,—কৃষ্ণৰ যেনে হে চৰিত্ৰ, তেওঁ নিজেই ‘পৰিত্ৰাণ’ পোৱাটি টান, লোকক ‘পৰিত্ৰাণ’ দিয়ে কেনেকৈ? সেই একেই কথা, একে সুৰ, কিমান বিহালে, কিমানে বিহাব! সিবিলাকক সমিধান দিবলৈ গলে সিবিলাকৰ মুখ মাৰিব পৰা যি নহবই নে জীৱনত কৃষ্ণৰ আৰাধনাও নহব।—“অতো নষ্টঃ ততো ভ্ৰষ্টঃ!”—সিবিলাক গড়গাঁৱলৈ নগৈও গড়গাঁৱৰ বাতৰি দিব পৰা লোক। ইতিহাসৰ চৰিত্ৰকো সিবিলাকৰ দৰে সুচতুৰ বুদ্ধিমানে ৰূপক বুলি উৰাই দিব পাৰে। সিবিলাকৰ এজনে নিজৰ দেশৰ সিদিনাৰ ইতিহাস-প্ৰসিদ্ধ নেপ’লিয়নকো ৰূপক বুলিয়েই প্ৰচাৰ কৰিছে। এনে স্থলত কৃষ্ণক ইতিহাসলৈ আনিলেও ৰক্ষা কত? যি যুক্তিয়ে সত্যকো অসত্য কৰিব পাৰে, থকাকো নথকা বুলি দেখুৱাব পাৰে সি যুক্তি নে ভেলেকী? সেই মথুৰা, সেই বৃন্দাবন, সেই যমুনা জুৰি