পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
চতুৰ্থ পৰ্ণ

মলিন কৰি পেলাব পাৰে। তাকো ঠাই বুজি ভাৰতে ভক্তিৰ সৰলতা দেখিয়েই ভক্তৰ দান চিৰ পবিত্ৰ বুলি শিৰত তুলি লৈছে। বিশ্বকৰ্ম্মাই কৃষ্ণৰ এটি অতি সুন্দৰ মূৰ্ত্তি সাজিবলৈ লৈ সজাওঁতাৰ মনৰ লিক্‌লিকনিত তত্‌ নেপাই কোন্ধায়ে এৰি থৈ গল—উৰেষাৰ জগন্নাথ! সেই জগন্নাথৰ চিৰ শান্ত চিৰ পবিত্ৰ মূৰ্ত্তিটিৰ বিমল আলোকত সুন্দৰ অসুন্দৰ দেখোন মিলি গল! জ্ঞান অজ্ঞান, উচ্চ নীচ, কুলীন অকুলীন সকলো একাকাৰ হ'ল! ভক্তৰ জগতত আজি কতকাল সেই মূৰ্তিটিয়ে সকলো ভেদৰ অভেদ তত্ত্বেৰে ভক্তিৰ সুশীতল সোঁত বোৱাব লাগিছে।

 কৃষ্ণক ঐতিহাসিক মানৱ পাতিব খোজা আৰু এক উদ্দেশ্য হৈছে মানুহে যাতে সহজে সেই আদৰ্শ জীৱনৰ চানেকিকৈ লব পাৰে। তাৰে উদগনি দিবলৈ বুলি সূক্ষ্ম জগতৰ হাতে নোপোৱাৰ পৰ৷ স্থূল হাতে পোৱা জগতলৈ কৃষ্ণক আনি মানৱো যে এনে শ্ৰেষ্ঠ এনে মহৎ হব পাৰে তাৰে গৌৰব কৰা। তালৈকো মানুহ মানুহৰ শেষ চানেকি বুলি মানি লবলৈ ভাৰতৰ ঋষিয়ে ভাৰতক শিকাই যোৱা নাই। ভাৰতে শিকি লৈছে—“আত্মানং বিদ্ধি”,—আত্মাক জান,—অশেষত নিজে শেষ হৈ যা,—ব্ৰহ্ম হবলৈ সাধনা কৰ,—ব্ৰহ্মত তোৰ প্ৰকাশ হওক। এয়ে মানুহৰ শেষ লক্ষ্য। মহাপুৰুষ যীশুৱেও এই একে কথাটিকে ভাৰতৰ বাহিৰে আধেক জগত জুৰি কবই লাগিছে,—“তুমি তোমাৰ পিতা